পাইলটৰ অনুজ্ঞা ৰক্ষাৰ বাবে আকাশত উৰিছে যাত্ৰীবিহীন বৃহৎ বিমান

970 550 a350 9 asiana c airbus 77786

কৰ’নাৰ পৰা পৰিত্ৰাণ পাবলৈ আন্তৰ্জাতিক বিমান পৰিবাহী সংস্থাসমূহে চূড়ান্ত সতৰ্কতা পালন কৰিছে। বিশ্বৰ বৃহত্তম সংস্থা এছিয়ান এয়াৰলাইনছে পাইলটৰ প্রমানপত্ৰ আদায়ৰ বাবেহে কোনো যাত্ৰী বহন নকৰাকৈ ২০ বাৰতকৈ অধিক চলাচল কৰিছে। এনে অনুশীলনৰ অংশৰূপে এয়াৰবাছ এছ ই ৩৮০ য়ে দক্ষিণ কোৰিয়াৰ ওপৰেৰে মে’ মাহত তিনিদিনৰ বাবে প্ৰতিদিনে কিছুঘণ্টা চলাচল কৰা দেখা যায়। ইয়াৰ উদ্দেশ্য যে বিমানৰ উৰণ আৰু অৱতৰণত পাইলটৰ অনুশীলনৰ বাবেহে এই চলাচল কৰা হয় । “এই বিমানৰ উৰণ আৰু অৱতৰণত বৃহৎ পৰিমাণৰ ধনৰ ব্যয় হয়। এই দিনবোৰত বিশেষকৈ ধনৰ সঠিক ব্যৱহাৰৰ প্ৰয়োজন আছে।” এইদৰে কয় এজন বিশেষজ্ঞই।

মন কৰিবলগীয়া যে পাইলটৰ অনুজ্ঞাপত্ৰ নবীকৃত কৰি ৰাখিবলৈ এছিয়ানা চুক্তিবদ্ধ। সেয়েহে ৪৯৫ আসনযুক্ত বৃহৎ বিমানখন চলোৱা হৈছিল। ইপিনে এছিয়ানা এছ ৩৮০ বিমান চলাচলৰ বাবে ১৩৫ জন পাইলটৰ প্ৰয়োজন। কিন্তু এইসমূহ খালী খালী বিমান চলাচলৰ বাবে ব্যয় বহন কৰিব পৰা অৱস্থাত নাই কোম্পানীটো। সেয়ে দেশখনৰ চৰকাৰে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰি পাইলটৰ অনুজ্ঞাপত্ৰৰ ম্যাদ বৃদ্ধি কৰিছে। আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন সংস্থাৰ সদস্য দেশসমূহৰ প্ৰতি থকা গাইডলাইন অনুসৰি পাইলটৰ দক্ষতা অটুট ৰখাৰ কিছু আছে। এইমৰ্মে পাইলটসকলে অনুজ্ঞাপত্ৰ বৰ্তাই ৰাখিবলৈ ৯০ দিনৰ ভিতৰত কমেও তিনিবাৰ বিমান চালনা কৰিব লাগিব। সম্প্ৰতি ক’ভিড-১৯ ৰ এনে পৰিস্থিতিত বৃহদাকাৰ বিমানৰ ক্ষেত্ৰত সমস্যা অধিক জটিল হৈছে। সংস্থাৰ মতে ২০২৪ পর্যন্ত প্ৰাক ক’ভিড পৰিস্থিতিত উপনীত নহয় আন্তৰ্জাতিক বিমান সেৱা।

Exit mobile version