মহামাৰীৰ সময়ত কৰ্মচাৰীসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াটো নীতি বিৰোধঃৰতন টাটা

ratan tata

শেহতীয়াকৈ দেশৰ ধনাঢ্য ব্যক্তিসকলৰ অন্যতম ৰতন টাটাই কৰ’না মহামাৰিৰ সময়ত দেশৰ বিভিন্ন কোম্পানীসমূহৰ পৰা কৰ্মচাৰী সকলক চাকৰিৰ পৰা দিয়া অব্যাহতিৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ৰতন টাটাই কয় যে কৰ’নাৰ দৰে সংকটৰ সময়ত কৰ্মচাৰীসকলৰ প্ৰতি কোম্পানীসমূহৰ দায়িত্ব থাকিব লাগে ৷ কাৰণ যিসমূহ কৰ্মচাৰীয়ে আপোনালোকৰ কাৰণে দিন ৰাতি একাকাৰ কৰি কাম কৰিলে তেওঁলোকক আপোনালোকে বিপদৰ সময়ত এৰি দিছে ৷

লগতে ৰতন টাটাই এক সাক্ষাৎকাৰত কয় “উদ্যমী আৰু কৰ্মচাৰীসকলৰ প্ৰতি দায়িত্বশীল কোম্পানীৰ অলপ হ’লেও সংবেদনশীলতা থাকিব লাগে । মহামাৰীৰ সময়ত নিজৰ কৰ্মচাৰীৰ প্ৰতি কৰা এনে ব্যৱহাৰত কোম্পানীৰ নৈতিকতা ক’ত থাকিলে ? দেশত ভাইৰাছ অহাৰ লগে লগে হাজাৰ হাজাৰ কৰ্মচাৰীক কোম্পানীৰ পৰা আঁতৰাই দিয়া হ’ল ৷ কৰ্মচাৰীসকলৰ চাকৰিৰ পৰা অব্যাহতি দিলে জানো যিকোনো সমস্যাৰ সমাধান হয় ।

ইয়াৰ বিপৰীতে কৰ’নাৰ দৰে মহামাৰীৰ সময়ত কোম্পানীসমূহৰ কৰ্মচাৰীসকলৰ প্ৰতি দায়িত্ব বাঢ়িবহে ।ৰতন টাটাই লগতে কয় “মই আশা কৰিছো এনেকুৱা পৰিস্থিতিৰ আৰু যাতে আৰু সন্মুখীন নহও। পুনৰ এনেধৰণৰ সময়ৰ সন্মুখীন হ’লে আমি যাতে কৰ্মচাৰীসকলক চাকৰিৰ পৰা অব্যাহতি নিদি তেওঁলোকক সহায়ৰ হাত আগবঢ়াও ৷”

Exit mobile version