মুখ্যমন্ত্ৰীৰ ভূমিকা ৰহস্যৰ আৱৰ্তত

IndiaTv03374c Truckdrivers

দিছপুৰৰ পৃষ্ঠপোষকতাতে যে ৰাজ্যত কয়লাৰ অবৈধ ব্যৱসায় তথা ছিণ্ডিকেট অব্যাহত আছে সেয়া সাম্প্ৰতিক গতি বিধিয়ে পুনৰ প্ৰতিষ্ঠা কৰিছে ৷ চৰকাৰী পৃষ্ঠপোষকতাৰ বাবে তলাবন্ধৰ সময়তো ৰাষ্ট্ৰীয় ঘাইপথেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অবৈধ কয়লা পৰিবাহী ট্ৰাকৰ চলাচল অব্যাহত আছে ৷ তলাবন্ধৰ সময়ত কেৱল অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহন কৰা ট্ৰাকৰ সমান্তৰালকৈ অসমৰ পৰা নিয়মীয়াকৈ পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, পঞ্জাৱ আদি ৰাজ্যলৈ কয়লাৰ পৰিবহন চলি আছে ৷ দিছপুৰৰ হাত থকা বাবে তেনে ট্ৰাক জব্দ কৰিবলৈ তিনিচুকীয়াৰ পৰা ধুবুৰী অথবা কোকৰাঝাৰলৈ কাৰো সাহস নাই । কেৱল ৰাইজৰ সন্মুখত সক্ৰিয়তা প্ৰদৰ্শনৰ ভাও দিবলৈহে মাজে সময়ে দুই এখন ট্ৰাক ৰাজ্যৰ অ’ত ত’ত কেতিয়াবা জব্দ কৰা হয় ।

তদুপৰি বেছিভাগ ক্ষেত্ৰত তেনে ট্ৰাক ছিণ্ডিকেটৰ নিৰ্দিষ্ট নিয়ম উলংঘা কৰি চলাচল কৰাৰ চেষ্টা চলোৱা ৷ ছিণ্ডিকেটৰ এনে তাণ্ডৱৰ বাবে ৰাজ্যত কয়লা কেলেংকাৰিৰ তদন্তৰো একপ্ৰকাৰ সমাধি হৈছে ৷ স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশ ধোঁৱাচাঙত উঠিছে ৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে কেলেংকাৰিৰ এটা অংশৰ তদন্ত শেষ কৰি অভিযুক্ত চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ চলাবলৈ চৰকাৰৰ পৰা বিগত এবছৰ ধৰি প্ৰয়োজনীয় অনুমতি বিচাৰি যোগাযোগ চলাই আছে ৷ অথচ অনুমতি দিয়াৰ নাম গোন্ধেই নাই দিছপুৰত ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তে ফাইলৰ দ’মৰ মাজত পৰি ৰৈছে চি আই ডিৰ আবেদন ৷

উল্লেখযোগ্য যে বিগত ২০১৮ৰ জানুৱাৰীত চি আই ডিয়ে গুৱাহাটীৰ কইনাধৰা আৰু কাছাৰৰ দীঘৰখাল তালাচী চকীত অবৈধভাৱে কয়লা পৰিবহণ কৰা ছখন ট্ৰাক জব্দ কৰিছিল ৷ সেই ঘটনাক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে কেলেংকাৰীৰ তদন্ত চি আই ডি ক অৰ্পণ কৰিছিল । কিন্তু ৰাজ্য চৰকাৰৰ সহযাগিতাৰ অভাৱত পাছৰ পৰ্যায়ত চি আই ডি আগবাঢ়িব পৰা নাই । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নীৰৱতা আৰু ভূমিকা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ কিয়নো কেলেংকাৰিৰ তদন্তৰ নিৰ্দেশ স্বয়ং মুখ্যমন্ত্ৰীয়ে দিছিল ।

Exit mobile version