যুৱমৰ্চাৰ ভাৰ্চুৱেল কনফাৰেন্সত মুখ্যমন্ত্ৰীৰে মত বিনিময়

WhatsApp Image 2020 07 24 at 6.33.46 PM

বৰ্তমান কভিডৰ এনে জটিল পৰিস্থিতিৰ লগত সংগতি ৰাখি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত কাৰ্যকর্তা সকলক উৎসাহিত কৰিবৰ বাবে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ স’তে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়া আৰু জিলা সভাপতি সকলৰ এখন ভিডিঅ’ কনফাৰেন্সৰ আয়োজন কৰা হয় । এই কনফাৰেন্সৰ জৰিয়তে যুৱ কাৰ্যকৰ্তাসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তাৰোপৰি তেখেতে বৰ্তমানৰ এন ডি এ নেতৃত্বাধীন চৰকাৰখনে অসমৰ প্ৰধান সমস্যা বানপানীৰ স্থায়ী সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে কিছু পদক্ষেপ হাতত লোৱাৰ কথাও উল্লেখ কৰে ৷ সেই উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে ‘NORTH EAST WATER MANAGEMENT AUTHORITY’ গঠন কৰাৰ কথাও দোহাৰে ৷

তাৰোপৰি প্ৰায় ৫০০০ কিঃমিঃ দৈৰ্ঘ্যৰ মথাউৰি সমূহৰ ওপৰত বিশেষ পদ্ধতিৰে পথ নিৰ্মাণৰ জৰিয়তে যাতায়ত ব্যৱস্থা সুচল কৰাৰ লগতে গ্ৰাম্য ৰাইজৰ অৰ্থনৈতিক, সামাজিক সুৰক্ষাৰ কথাও উল্লেখ কৰে আৰু এই সম্পৰ্কে অতি শ্ৰীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হোৱাৰ আশ্বাস দিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আজিৰ এই ভাৰ্চুৱেল সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক তথা মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৷ অতি ব্যস্ততাৰ মাজতো যুৱমৰ্চাক মাগদৰ্শন কৰিবলৈ যুৱমৰ্চাই অনুষ্ঠিত কৰা এই ভাৰ্চুৱেল কনফাৰেন্সৰ প্ৰতি সহাঁৰি জনাই যুৱ কাৰ্যকৰ্তাসকলক সম্বোধন কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ লগতে সাংসদ গৰাকীকো ধন্যবাদ জ্ঞাপন কৰে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে ৷

তাৰোপৰি এই কনফাৰেন্সতে তলাবন্ধৰ প্ৰথম সময়ছোৱাৰ পৰা কৰ’না, বানপানীকে ধৰি আন সমস্যাসমূহত যুৱ মৰ্চাৰ সদস্যসকলে যি তৎপৰতাৰে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল তাৰো এক সমীক্ষা দাঙি ধৰা হয়। প্ৰথম তলাবন্ধৰ পৰা বৰ্তমানলৈকে যুৱমৰ্চাই সমগ্ৰ ৰাজ্যতে ২০,৮,৪৩২ খন মাস্ক, প্ৰায় ১০,৫,০০০ লিটাৰ চেনিটাইজাৰ, আৰ্তজন বা পদপথৰ বাসিন্দাক ৬২,৪২৩ টা খাদ্যৰ টোপোলা আৰু প্ৰায় ১৪০২৩৭ লোকলৈ ৰেচনৰ সামগ্ৰী আগবঢ়ায় ৷ তাৰ উপৰিও এই সময়ছোৱাত যুৱ মৰ্চাই বহিঃ ৰাজ্যত থকা অসমীয়া লোকসকলৰ সুবিধাৰ্থে দুটা হেল্পলাইন নম্বৰৰ জৰিয়তে সেৱা আগবঢ়োৱাৰ কথাও উল্লেখ কৰে ৷

যুৱমৰ্চাৰ পাঁচ সহস্ৰাধিক ভলণ্টিয়াৰে এই জটিল সময়খিনিক ৰাইজৰ লগতে প্ৰশাসনকো বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ লগতে ১৭, ৪৭২ জনতকৈ অধিক যুৱ কাৰ্যকৰ্তাই পি এম কেয়াৰলৈ সাহাৰ্য আগবঢ়ায় । সংকটৰ এই জটিল সময়ত যুৱমৰ্চাৰ ৫২৪ জন কাৰ্যকৰ্তাই ৰক্তদানেৰে বহুজনক সহায় কৰে ৷ এটাৰ পাছত আন এটা সমস্যাৰে জৰ্জৰিত হোৱা ৰাজ্যখনত বিপদৰ এই মূহূৰ্তত প্ৰতি ক্ষেত্ৰতে যুৱমৰ্চাই ৰাইজৰ কাষত থাকি এনেদৰে সেৱা আগবঢ়োৱা কাৰ্যক প্ৰশংসা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Exit mobile version