কলাইগাঁও কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু

IMG 20200725 WA0013

ওদালগুৰি জিলাৰ কলাইগাঁও শান্তিপুৰ নিবাসী অমৃত ডেকা (৬১) ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈ যোৱা নিশা প্ৰায় ২- ৩০ বজাত জি এম চি এইচত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱাত সমগ্ৰ কলাইগাঁও অঞ্চলতে শোকৰ ছাঁ পৰিছে। জানিব পৰা অনুসৰি সৰবৰহী ব্যক্তি অমৃত ডেকা কিছু বছৰ ধৰি মধুমেহ, বৃক্ক, আৰু হাৰ্টৰ ৰোগত ভূগি আছিল যদিও শেহতীয়াভাবে ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈছিল । যোৱা ১৮ জুলাইৰ সন্ধিয়া অমৃত ডেকাৰ ক’ভিড-১৯ পৰীক্ষাৰ ফলাফল পজিটিভ  অহাত ১৯ জুলাইত ডেকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও যোৱা নিশা তেওঁ নিয়তিৰ ওচৰত হাৰ মানে ।

ADVERTISEMENT

এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজসেবী তথা সৰবৰহী ব্যক্তি অমৃত ডেকা কোচ ৰাজবংশী সন্মিলনীৰ কলাইগাঁও নগৰ অঞ্চলিক সমিতিৰ সভাপতি, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সদস্য, অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ প্ৰাক্তন ৰাজ্যিক সদস্য, মঙলদৈ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ প্ৰাক্তন পৰীক্ষা সম্পাদক, বালিপোতা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক  হোৱাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ স’তে জড়িত আছিল ।

২০২০ বৰ্ষৰ ৩১মাৰ্চত বালিপোতা হাইস্কুলৰ অৱসৰ গ্ৰহণ কৰা অমৃত ডেকাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিভিন্ন দল সংগঠন লোক আৰু স্থানীয় ৰাইজ তেওঁৰ বাসগৃহত ভীৰ কৰে । সমাজ হিতৈষী ‘ অমায়িক আৰু মৃদুভাষী ডেকাৰ মৃত্যুত ওদালগুৰি জিলা আক্ৰাছু , কলাইগাও আক্ৰাছু , বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আছু ,যুৱছাত্ৰ পৰিষদ, কৰ্মচাৰী পৰিষদ, প্ৰেছক্লাৱ, কেন্দুকলাই সাহিত্য সমাজ, ভেৰগাও জিলা আক্ৰাছু, কলাইগাঁও শিক্ষক সন্থা, শান্তিপুৰ আৰু বালিপোতা বাসী ৰাইজে ডেকাৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

উল্লেখ্য যে অমৃত ডেকাৰ ক’ভিড-১৯ পজিটিভ হৈ মৃত্যু হোৱাৰ বাবে মৃতদেহ ঘৰলৈ আনিব নোৱাৰাৰ বাবে চৰকাৰী ভাবে গুৱাহাটীৰ উলুবাৰী ৰাজহুৱা শ্মশানত আজি বিয়লি ভাগত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক  অমৃত ডেকাৰ অন্তোষ্টিক্ৰিয়া অনুষ্ঠানত ডেকাৰ পত্নী পুত্ৰ আৰু কন্যা উপস্থিত থাকি অন্তিম শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । মৃত্যুৰ সময়ত অমৃত ডেকাই পত্নীৰ লগতে দুগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ যায় ।

Exit mobile version