ক’ভিডক পৰাজিত কৰি পুনৰ কৰ্তব্যত ব্যস্ত যান-বাহন আৰক্ষী বিষয়া

WhatsApp Image 2020 07 26 at 7.13.55 PM

ক’ভিডত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পিছত পুনৰ নিজৰ কৰ্তব্যত ব্যস্ত হৈ পৰিছে যান-বাহন আৰক্ষী বিষয়া মস্কো শইকীয়া । ক’ভিড যুদ্ধৰ এগৰাকী আগশাৰীৰ যুদ্ধা এইজন বিষয়াই যোৱা ২১ জুনত ক’ভিড পৰীক্ষা কৰাৰ পাছত তেওঁৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে। লগে লগে স্বাস্থ্য বিভাগে তেওঁক ভৰ্তি কৰায় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত । ইয়াৰ পিছত ক’ভিডক পৰাজিত কৰি ৩০ জুনত হাস্পতালৰ পৰা ডিচাৰ্জ লৈছিল। হোম কোৱাৰেণ্টাইনত ১৪ দিন থকাৰ পিছত পুনৰ ফাঁচিবজাৰত যান বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰে এইগৰাকী বিষয়াই।

ADVERTISEMENT
Exit mobile version