তলাবন্ধৰ মাজতে পথ মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহিল সাতগাঁও পালিতলৰ ৰাইজ

WhatsApp Image 2020 07 26 at 6.14.35 PM

পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে মহানগৰ বাসীক। যাৰ বাবে তলাবন্ধৰ এই সময়ছোৱাতো পথ মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহিল সাতগাঁও পালিতলৰ শ শ লোক । অঞ্চলটোৰ কিশোৰ-কিশোৰী, বৃদ্ধ-বৃদ্ধাই শাৰী পাতি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিশেষকৈ নগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে একাংশ প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমক কয় যে “স্বাধীনতাৰ ৭০ বছৰ হ’ল, আজি পৰ্যন্ত আমাৰ এই পথটো মেৰামতি নহ’ল । আমি ৰাইজে নিজে নিজে পইচা তুলি পথটো মাজে সময়ে মেৰামতি কৰো। অথচ আমাৰ এই পথটো দিছপুৰৰ পৰা মাত্ৰ ডেৰ দুই কিলমিটাৰ ।”

একাংশ মহিলা প্ৰতিবাদকাৰীয়ে কয় “প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি আহে। পথটো মেৰামতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ে।কিন্তু পথটো আজিলৈ মেৰামতি নহ’ল। লংকালৈ যিয়ে যায় সিয়ে ৰাৱণ হয় । আমাৰ ল’ৰা-ছোৱালী স্কুল কলেজলৈ যাব নোৱাৰে।বছৰৰ ছয় মাহ পানীৰ তলত খোজ কাঢ়িব লাগে আমি। সেয়ে আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছো যাতে অতি শীঘ্ৰে আমাৰ এই পথটো মেৰামতি কৰি দিয়ে।”

উল্লেখ্য যে, সম্প্ৰতি জৰাজীৰ্ণ এই পথটোৰ মাজভাগত পানী । যাৰ বাবে জৰুৰীকালীন সেৱাকে ধৰি কোনো বাহন ভালদৰে চলাচল কৰিব নোৱাৰে । আজিও পথটোৰে ৰোগীক ডাংকোলা কৰি নিব লাগে । বহু শাৰীৰিক ভাৱে অসুস্থ লোক পথটোৰে চলাচল কৰোতে আহত হয় । যাৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ পালিতলৰ ৰাইজে তলাবন্ধ ভংগ কৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ল।

Exit mobile version