বন্ধ চিনেমা হল পুনৰ মুকলিৰ দাবী

RTS35LM6 e1590467576490

কৰ’না সংকটৰ বাবে চলচ্চিত্ৰ উদ্যোগ সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত যোৱা মাহ কেইটাত ইয়াৰ স’তে জড়িতসকলে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে । ফলত দৃশ্য গ্ৰহণৰ লগতে চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে থকা হলত তলা ওলমিছে । চিনেমা হল আৰু মাল্টিপ্লেক্সৰ মালিক সকলৰ তৰফৰ পৰা এই সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰেও যোগাযোগ কৰা হৈছে । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে মালিকপক্ষৰ এই বিষয়ক আবেদন গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছে । এই বিষয়ে বিনোদন উদ্যোগৰ চি আই আই মিডিয়া কমিটীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ এখন বৈঠক অনুষ্ঠিত হোৱা বুলিও মালিক পক্ষৰ পৰা সদৰী কৰা হৈছে । অৱশ্যে চূড়ান্ত সিদ্ধান্ত গৃহ মন্ত্ৰণালয়েহে ল’ব পাৰিব ।

বৰ্তমান চিনেমা হল পুনৰ মুকলি কৰি দিলেও দৰ্শকৰ মাজত থাকিব সামাজিক দূৰত্ব । ৬০ শতাংশ শাৰী খালী ৰখা অথবা দৰ্শকৰ মাজত আসন খালী ৰখাৰ কথাও এই সন্দৰ্ভত বিবেচনা কৰা হ’ব । কিন্তু মালিক পক্ষই মাত্ৰ কিছু সংখ্যক দৰ্শক লৈ হল খোলাৰ বাবে মান্তি হোৱা নাই । এনেদৰে হল খুলি দিলে লোকচান হোৱাৰহে সম্ভাৱনা অধিক বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে মালিক পক্ষই । এনে অৱস্থাত সমগ্ৰ উদ্যোগটোৰে লোকচান হ’ব । চলচ্চিত্ৰৰ বাজেট হ্ৰাস কৰিব লগীয়াও হ’ব পাৰে । ফলত, অভিনয়ৰে জড়িত সকলৰ পাৰিশ্ৰমিকো নিশ্চিতভাৱে হ্ৰাস কৰিবলগীয়া হ’ব । ইতিমধ্যে বলিউদৰ ১৭ খনকৈ চলচ্চিত্ৰ মুক্তিৰ পথত আছে । হল বন্ধ থকাত বহু প্ৰযোজকে ‘অটিটি’ প্লেটফৰ্ম ৰ যোগে মুক্তি দিয়াৰ চিন্তা-চর্চা কৰিছে ।

Exit mobile version