মালিগাঁওত দুমহীয়া কন্যা শিশু ক’ভিড-১৯ ত আক্ৰান্ত

মহানগৰীৰ পাণ্ডু -মালিগাঁও অঞ্চলত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । মালিগাঁওৰ কামাখ্যা কলনিৰ এটি কণমানি কন্যা শিশু ক’ভিডত আক্ৰান্ত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য মতে, পাণ্ডুৰ কামাখ্যা কলনিৰ বিমল দাস নামৰ লোকজনে বিগত ২১ জুলাইত ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত ৰাজ্যৰ স্বাস্থ্য বিভাগে বিমল দাসক মিৰ্জাৰ পতঞ্জলি ক’ভিড কেয়াৰ চেণ্টাৰলৈ লৈ যোৱাৰ পিছত বিগত ২৩ জুলাইত তেওঁৰ ছয়মহীয়া সন্তানৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে। ইপিনে, স্বাস্থ্য বিভাগে কণমানি শিশুটিক মাতৃৰ সতে আমিনগাঁওৰ আই আই টি ক’ভিড কেন্দ্ৰলৈ লৈ যায়। স্থানীয় ৰাইজে কণমানি শিশুটিৰ আশু আৰোগ্য কামনা কৰিছে।

Exit mobile version