সমাগত বিধানসভা নিৰ্বাচনঃ এতিয়াও বন্ধ খামত খিলঞ্জীয়াৰ সুৰক্ষা

Sarbananda Sonowal e1545614338189

যোৱা পাঁচ মাহে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে বিজেপি চৰকাৰে ৷ কিন্তু বিধানসভা দিন চমু চাপি অহাৰ লগে লগে চৰকাৰৰ প্ৰতিশ্ৰুতিসমূহ পুনৰ চৰ্চালৈ আহিছে ৷ বানপানী আৰু কৰ’নাৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজতে বিশেষকৈ ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে’ টুইন টাৱাৰ, যোৰহাট মাজুলী সংযোগী দলঙৰ সমান্তৰালভাৱে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ সন্দৰ্ভতো চৰ্চা আৰম্ভ হৈছে ৷ লক্ষ্যনীয়ভাৱে বিভিন্ন সময়ত ৰাজ্যবাসীক দি অহা কে’বাটাও প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ নাই কোনো তৎপৰতা ৷ তাৰ মাজতে৷চৰকাৰখনে সাংবিধানিক ৰক্ষা কৱচৰ নামত ৰাজ্যবাসীক চৰম প্ৰতাৰণা কৰা বুলি বিভিন্ন দল সংগঠনে অভিযোগ কৰি আহিছে ৷

উল্লেখযোগ্য যে ২০১৯ৰ চাৰি জানুৱাৰীত শিলচৰত শাসনাধিষ্ঠিত বিজয় সংকল্প ৰেলীত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যবাসীক সম্বোধন কৰি অসমৰ সুৰক্ষাৰ বাবে এক ডাঙৰ সিদ্ধান্ত চাকাৰে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছিল । উদাত্ত কণ্ঠৰে তেওঁ কৈছিল যে দুটা দিনৰ আগতে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অসম চুক্তি কেতিয়া হৈছিল মনত আছেনে? অসম চুক্তিৰ ছয় নম্বৰ দফা যিটো ৩০-৩৫ বছৰে কাৰ্যকৰী হোৱা নাছিল । সেয়া আমি কাৰ্যকৰী ৰূপ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । ই কাৰ্যকৰী হ’লে অসমৰ সামাজিক সংস্কৃতিৰ ভাষিক স্থিতি সুৰক্ষিত হ’ব আৰু লগতে এইবোৰৰ সংৰক্ষণৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা ল’ব । এক উচ্চ স্তৰীয় সমিতিয়ে সকলো দল সংগঠনৰ লগত কথা পাতি ভৱিষ্যতৰ ৰোড মেপ তৈয়াৰ কৰিব ৷

সেই মৰ্মে সেই বছৰৰে ১৫ জুলাইত ভাৰত চৰকাৰে এক ৰাজপত্ৰৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত ১৩ জনীয়া এক সমিতি গঠন কৰে ৷ এই সমিতিখনে সাংবিধানিক ৰক্ষাকবচৰ দলিল প্ৰস্তুত কৰি চলিত বৰ্ষৰ যোৱা ২৫ ফ্ৰেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত দাখিল কৰে ৷ কিন্তু এতিয়ালৈকে এই ক্ষেত্ৰত কোনো তৎপৰতা দেখা নাই ৷ ফলত আজি পাঁচ মাহে বন্ধ খামতে আৱদ্ধ হৈ পৰি ৰ’ল খিলঞ্জীয়াৰ ৰক্ষা কবচ ।

Exit mobile version