অতিমাৰী কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত সমগ্ৰ দেশৰ লগতে শেহতীয়াকৈ অসমত বৃদ্ধি পাইছে এলক’হলযুক্ত হেণ্ড ছেনিটাইজাৰৰ ব্যৱহাৰ ৷ অৱশ্যে এলক’হলযুক্ত হেণ্ড ছেনিটাইজাৰৰ অত্যাধিক ব্যৱহাৰ বাবে চৰ্মৰোগত আক্ৰান্ত হৈছে ২০-২৫ শতাংশ লোক ৷ এই সন্দৰ্ভত দেশবাসীৰ প্ৰতি এক সতৰ্কতাবাৰ্তা প্ৰেৰণ কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় ৷ অতিৰিক্তভাৱে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ফলত চৰ্ম ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে ৷
উল্লেখযোগ্য যে চিকিৎসকসকলে দীৰ্ঘদিনৰ পৰাই ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ সন্দৰ্ভত মানুহক সৰ্তক কৰি আহিছিল ৷ তেওঁলোকে দাবী কৰিছিল যে মাত্ৰাধিকভাৱে ছেনিটাইজাৰ ব্যৱহাৰ কৰিলে বিপদ বাঢ়িবহে পাৰে ৷ শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ স্বাস্থ্য সেৱা সংক্ৰান্তীয় অতিৰিক্ত সঞ্চালক প্ৰধান আৰ কে বাৰ্মায়ো অনুৰূপ সতৰ্কবাণী শুনায় ৷ বাৰ্মাই কয় “এনে সংক্ৰমণ হ’ব বুলি কোনেও ভবা নাছিল ৷ তৎস্বত্বেও অত্যাধিকভাৱে ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো উচিত নহয় ৷”
ইপিনে একাংশ বিশেষজ্ঞই জনাইছে যে মানুহৰ ছালত অনেক ভাল জীৱাণুৱেও আশ্ৰয় লয় ৷ সেইবোৰ জীৱাণুৱে চালৰ উপকাৰ সাধন কৰে ৷ সেয়ে বিশেষজ্ঞসকলে পৰামৰ্শ দিছে যে ঘনাই ছেনিটাইজাৰ সনাৰ পৰিৱৰ্তে সুযোগ থাকিলে চাবোন আৰু পানীৰ হাত ধোৱাই উত্তম ৷ একেটা পৰামৰ্শ দিয়েই বাৰ্মাই কয় “গৰমপানী পান কৰক আৰু ঘনাই হাত ধুই থাকিব ৷”