অখিল গগৈৰ মুক্তিৰ দাবীত মহানগৰীত প্ৰতিবাদ

WhatsApp Image 2020 07 28 at 5.22.00 PM

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মঙ্গলবাৰে মহানগৰীৰ চান্দমাৰীত এক প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ প্ৰায় অৰ্ধশতাধিক সদস্যই এই প্ৰতিবাদৰ জৰিয়তে দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক শীঘ্ৰ মুক্তিৰ দাবী জনায় ৷

চানমাৰিৰ ৰাজপথত চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক প্ৰশাসনে আটক কৰি ছত্ৰভংগ দিয়ে ৷ উল্লেখ্য যে মহানগৰ আৰক্ষীৰ কে’বাজনো জোৱানে পিপিই কিট পিন্ধি সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

Exit mobile version