এইমছত কঠোৰ অস্ত্ৰোপচাৰৰ অন্তত সফল হ’ল চিকিৎসক

AIIMS doctors save patient who swallowed 20cm knife

এখন২০ ছেন্টিমিটাৰ চুৰী গিলি খোৱাৰ পাছত যকৃতৰ ভিতৰত সোমাই পৰিছিল সেই ধাতৱ অস্ত্ৰ। অৱশেষত প্ৰথমবাৰলৈ এনে অভিজ্ঞতাৰ সন্মূখীন হোৱা নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰবিজ্ঞান প্ৰতিষ্ঠানৰ শল্য চিকিৎসকৰ দলে একাধিক প্ৰত্যাহ্বানকো নেওচি সেই চুৰী যুৱকজনৰ যকৃতৰ পৰা সফলতাৰে উলিয়াই আনিবলৈ সক্ষম হয়। এনে ভয়াবহ অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা পৰা ৰোগীজনৰ অৱস্থা সম্প্ৰতি স্থিতিশীল বুলি জনাইছে এইমছৰ চিকিৎসকে ।

উল্লেখ্য যে পাকঘৰত ব্যৱহৃত চুৰীখন গিলি খোৱাৰ পিছতো যুৱকজনে প্ৰায় ডেৰমাহ দিন স্বাভাৱিক জীৱন কটাইছিল।প্ৰাপ্ত তথ্য অনুসৰি ২৮ বছৰীয়া ড্ৰাগছ আসক্ত যুৱকজনে চুৰীখন গিলি খোৱাৰ বিষয়ে পৰিয়ালৰ লোক অৱগত নাছিল। প্ৰায় ডেৰমাহ দিন স্বাভাৱিক জীৱন কটোৱাৰ পাছত যুৱকজনে ক্ষুধাহীনতাৰ লগতে তলপেটৰ যন্ত্ৰণাৰ সমস্যাত ভূগিবলৈ আৰম্ভ কৰে। তেতিয়াই পৰিয়ালৰ লোকে চিকিৎসকৰ কাষলৈ নিয়ে । চিকিৎসকে এক্স ৰে কৰাৰ পাছতহে কাণ্ডটোৰ বিষয়ে পৰিয়ালৰ লোকে অৱগত হয়। সম্প্ৰতি এই ঘটনা এইমছৰ চিকিৎসকে সদৰী কৰিছে।

প্ৰায় তিনিঘণ্টা জোৰা প্ৰাণ ৰক্ষাকাৰী অস্ত্ৰোপচাৰৰ অন্তত শল্যচিকিৎসকৰ দলে যুৱকজনৰ যকৃতৰ পৰা চুৰীখন বাহিৰ কৰিবলৈ সক্ষম হয়। এইমছৰ গেষ্ট্ৰ’এণ্টাৰলজী বিভাগৰ ছার্জন ডাঃ এন আৰ দাসৰ তত্বাৱধানত এই কঠিনতম অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়। উল্লেখ্য যে, হাৰিয়ানাৰ যুৱকজন অত্যাধিক ড্ৰাগছ আসক্ত আছিল আৰু সেৱন কৰিবলৈ নোপোৱাৰ বাবেই তেওঁ চুৰীখনকে গিলি পেলাইছিল।

Exit mobile version