তাপসীক ‘এ গ্ৰেড’ৰ অভিনেত্ৰী হোৱাৰ টিপছ দিলে কংগনাৰ টীমে

thequint 2020 07 1c26bcec add2 4914 94c0 c715bef86a0d Untitled design 1

কিছুদিন পূৰ্বে এক টেলিভিছন চেনেলৰ সাক্ষাৎকাৰত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাউটে আন এগৰাকী অভিনেত্ৰী তাপসী পন্নুক ‘বি গ্ৰেড’ৰ অভিনেত্ৰী বুলি কটাক্ষ কৰিছিল। ইয়াৰ পাছতে তাপসীয়ে এক সাক্ষাৎকাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে তেওঁ নিজকে এতিয়াও এ গ্ৰেডৰ অভিনেত্ৰী বুলি নাভাবে আৰু কেনেকৈ এই শ্ৰেণীৰ অভিনেত্ৰী হ’ব পাৰিব সেয়াও তেওঁৰ জ্ঞাত নহয়। তাপসীক এই মন্তব্যৰ প্ৰত্যুত্তৰ দিলে কংগনাৰ টীমে।

‘ভাল অভিনয়, শক্তিশালী ব্যক্তিত্ব, সবাতোকৈ গুৰুত্বপূৰ্ণ হ’ল একক অভিনয়ৰে এখন হিট ছবি । ‘কুইন’, ‘মণিকৰ্ণিকা’, ‘তনু ৱেডছ মনু’ৰ দৰে চুপাৰহিটছ নহ’লেও সাধাৰণ একক অভিনয়ৰ হিট ছবিত তুমি অভিনয় কৰিব লাগিব । তোমাৰ সময় আৰম্ভ হ’ল, তুমি আগবাঢ়ি যোৱা তাপসী । ‘এ গ্ৰেড’ৰ অভিনেত্ৰী হোৱাৰ বাবে তাপসীক কংগনা টীমে টুইটাৰৰ জৰিয়তে এই টিপিছ দিলে । উল্লেখ্য যে বিগত কেবা সপ্তাহ ধৰি মূলতঃ ‘নেপটিজম’ অৰ্থাৎ স্বজনপ্ৰীতি প্ৰসংগক লৈ তাপসী আৰু কংগনাৰ মাজত বাকযুদ্ধ ছ’চিয়েল মিডিয়াত অব্যাহত আছে।

Exit mobile version