ঐতিহাসিক গুৰুদ্বাৰ ভাঙি মছজিদৰ প্ৰস্তুতি

820672gurudwara pakistan

লাহোৰৰ এটা ঐতিহাসিক গুৰুদ্বাৰ ভাঙি মছজিদলৈ ৰূপান্তৰ কৰাৰ প্ৰস্তুতি চলাৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই বিষয়ত ইতিমধ্যে ভাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । উল্লেখ্য যে কিছুদিনৰ পূৰ্বে বৰ্তমানৰ পাকিস্তানত থকা এসময়ৰ গান্ধাৰ সভ্যতাৰ এক অত্যন্ত মূল্যবান নিদৰ্শন ভাঙি ধ্বংসস্তূপত পৰিণত কৰা হৈছিল । সেইদৰে পাকিস্তানত এটা মন্দিৰ নিৰ্মাণতো একাংশ পাক নাগৰিকে বাধা প্ৰদান কৰিছিল। এইবাৰ মছজিদলৈ ৰূপান্তৰ কৰাৰ চেষ্টা চলোৱা হৈছে লাহোৰত থকা ঐতিহাসিক গুৰুদ্বাৰটো । এই পৰিপ্ৰেক্ষিততে ধর্মীয় স্বাধীনতা ক্ষুণ্ণ কৰাৰ অভিযোগত নতুন দিল্লীত থকা পাক উচ্চায়ুক্তৰ ওচৰত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতে ।

বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই প্ৰসংগত কয়, ‘এই বিষয়ত পাক উচ্চাযুক্তত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । লাহোৰৰ নাওলাখা বাজাৰ অঞ্চলত আছে ছহিদি আস্থান গুৰুদ্বাৰ। উক্ত স্থানতে শ্বহীদ হৈছিল ভাই তাৰু সিংজী, কিন্তু সেই গুৰুদ্বাৰক শ্বাহীদগঞ্জ মছজিদৰ স্থান বুলি দাবী কৰিছে পাকিস্তানে । কিছু লোকে সেই ঐতিহাসিক গুৰুদ্বাৰক মছজিদলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা চলাই আছে । এই বিষয়ত ভাৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে। আমি পাকিস্তানক তেওঁলোকৰ সংখ্যালঘু নাগৰিকসকলৰ অধিকাৰ আৰু নিৰাপত্তা অটুট ৰাখিবলৈ আহ্বান জনাইছো।’

ইপিনে এই ঘটনাত প্ৰবল ক্ষোভ প্ৰকাশ কৰিছে আকালি দলে । ৰাজনৈতিক দলটোৱে পাকিস্তানত সংখ্যালঘু শিখসকলক ন্যায় প্ৰদানৰো দাবী জনাইছে । আনহাতে, বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙেও । টুইট কৰি বিষয়টো উত্থাপন কৰি পাকিস্তানত শিখসকলৰ সুৰক্ষাৰ বিষয়টো নিশ্চিত কৰাৰ বাবে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ আবেদন জনাইছে । মন কৰিবলগীয়া যে চলিত মাহতে ইষ্টানবুলত থকা ষষ্ঠ শতিকাৰ বিখ্যাত স্থাপত্য হেগিয়া ছ’ফিয়া যাদুঘৰক তুৰস্ক চৰকাৰে মছজিদলৈ ৰূপান্তৰ কৰে । দেশখনৰ চৰকাৰৰ এনে পদক্ষেপক ইতিমধ্যে বিশ্বজুৰি নিন্দা কৰিছে ।

Exit mobile version