কৰ’নাৰ প্ৰভাৱঃ ৩১আগষ্টলৈকে তলাবন্ধ নাগালেণ্ড

locdown pti 1596122424

ক’ভিড-১৯ প্ৰতিৰোধৰ কাৰণে নাগালেণ্ডত বৃহস্পতিবাৰে তলাবন্ধৰ ম্যাদ ৩১ আগষ্টলৈকে বৃদ্ধি কৰিছে ৷ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ক প্ৰতিনিধিত্বত হোৱা এখন উচ্চ স্তৰীয় বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

উল্লেখযোগ্য যে নাগালেণ্ডত এতিয়ালৈকে ১৫৬১ জন লোকৰ শৰীৰত পোৱা গৈছে কৰ’না ভাইৰাছৰ উপস্থিত ৷ সম্প্ৰতি নাগালেণ্ডত কৰ’নাত আক্ৰান্ত হৈছে সুস্থ হৈছে ৫৯৫ জন । আৰু চিকিৎসাধীন হৈ আছে ৯৬১জন ৷আনহাতে মৃত্যু হৈছে নজন লোকৰ । ইপিনে তলাবন্ধৰ সময়ত বিদ্যালয় ,মহাবিদ্যালয় বন্ধ ৰাখিবলৈ কঠোৰ আজ্ঞা দিছে চৰকাৰে ৷ কৰ’না ভাইৰাছত নাগালেণ্ডৰ আটাইতকৈ বেছি প্ৰভাৱ পৰা ৰাজ্য কেইখন হ’ল কহিমা, ডিমাপুৰ আৰু মন ।

ডিমাপুৰত ৪৩৪ জনৰ শৰীৰত পোৱা গৈছে কৰ’না । কহিমাত পোৱা গৈছে ৩১৬ জনৰ শৰীৰত, আনহাতে মন জিলাত পোৱা গৈছে ১৩৪ জন কৰ’নাত আক্ৰান্ত লোক ৷ কহিমাত ২৫ জুলাইৰ পৰা সাত দিনৰ কাৰণে তলাবন্ধ দিয়া হৈছে । ডিমাপুৰত ২৬ আৰু মন জিলাত ২৭ জুলাইৰ পৰা ২ আগষ্টলৈকে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা হৈছে।

Exit mobile version