সংখ্যালঘু ছাত্ৰ বৃত্তিৰ পাঁচশ কোটি কেলেংকাৰিৰ চিবিআই তদন্ত বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ

durniti

ৰাজ্যৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ প্ৰদানত যোৱা চাৰি বছৰত সংঘটিত ব্যাপক অনিয়ম চিবিআইৰ তদন্তৰ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু সমিতিয়ে । বৃহস্পতিবাৰে ৰাজীৱ ভৱনৰ প্ৰাঙ্গণত সংখ্যালঘু সমিতয়ে এক প্ৰতিবাদ সাব্যস্ত কৰি কেলেংকাৰীত জড়িত বিষয়াক শাস্তি দাবী উত্থাপন কৰে ।

প্ৰতিখন জিলা আৰু আঞ্চলিক পৰ্যায়ত সংঘটিত এই কেলেংকাৰীত বেংকৰ বিষয়া, বিদ্যালয় প্ৰধান, বিজেপিৰ একাংশ নেতা জড়িত বুলি অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খানে ।

Exit mobile version