সমাগত ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠান, কিন্তু কৰ’নাত আক্ৰান্ত হ’ ল মন্দিৰৰ পূজাৰী

123597 coronavirus 2

পাঁচ আগষ্টত হ’ব লগা অযোধ্যাৰ ভূমি পূজনৰ প্ৰাকক্ষণত মন্দিৰৰ পূজাৰী আৰু ১৬জনকৈ আৰক্ষীৰ দেহত পোৱা গৈছে ক’ভিড-১৯ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাগ ল’ব লগা ভূমি পূজনৰ আগতেই মহামাৰী কৰ’নাত আক্ৰান্ত হোৱা ঘটনাই চিন্তিত কৰিছে মন্দিৰৰ কৰ্তৃপক্ষক । আনহাতে কৰ’নাত আক্ৰান্ত হোৱা পূজাৰীজন হৈছে আচাৰ্য সতেন্দ্ৰ দাসৰ শিষ্য প্ৰদীপ দাস । তেওঁ ৰাম মন্দিৰৰ সহকাৰী পূজাৰী ।

উল্লেখযোগ্য যে অহা পাঁচ আগষ্টত ৰামমন্দিৰৰ ভূমি পূজন অনুষ্ঠিত হ’ব ৷ এই ভূমি পূজনত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সম্প্ৰতি ৰাম মন্দিৰৰ ভূমি পূজনক লৈ অযোধ্যাত প্ৰস্তুতি তুংগত । কিন্তু কৰ’নাই চৰকাৰ আৰু প্ৰশাসনৰ কাম কাজত বিধি-পথালি দিছে  ৷ ইপিনে বুধবাৰে পূজাৰী আৰু ১৬ জন পুলিচ কৰ্মীক লৈ মুঠ ৬৬ জনৰ দেহত কৰ’নাৰ উপস্থিতি পোৱা গৈছে ।

Exit mobile version