২০ বছৰে হেলমেট পিন্ধি আছে যুৱতীয়ে

3

Morocco Children of the Moon

দুৰ্ঘটনাৰ পৰা মূৰ আৰু মুখমণ্ডল ৰক্ষা কৰাৰ বাবে মটৰ চাইকেল আৰোহীয়ে হেলমেট পৰিধান কৰে । কিন্তু মৰক্কোৰ এগৰাকী যুৱতীয়ে আন কাৰণতহে হেলমেট পৰিধান কৰে । সূৰ্য্যৰ পোহৰৰ পৰা নিজক সুৰক্ষিত ৰখাৰ বাবে বিগত ২০ বছৰে হেলমেট পৰিধান কৰি আছে ফাতেমা গাজভি নামৰ ৩৩ বছৰীয়া যুৱতী গৰাকীয়ে । কাৰণ যুৱতী গৰাকী জিৰ’ডাৰ্মা পাইগামেন্ট’ছাম নামৰ এবিধ বিৰল চৰ্ম ৰোগত আক্ৰান্ত ।

এই ৰোগত আক্ৰান্ত লোকৰ ছালত ৰ’দ লাগিলে মাৰাত্মক ক্ষতি হয় । ১৩ বছৰ বয়সতে ফাতেমাৰ শৰীৰত এই ৰোগ ধৰা পৰে । সেয়ে তেওঁ বিগত ২০ বছৰে হেলমেট পৰিধান কৰি নিজক ৰ’দৰ পৰা ৰক্ষা কৰি আছে । বাহিৰলৈ ওলালে ফাতেমাই মাস্ক আৰু গ্লোভছ ব্যৱহাৰ কৰে । দিনৰ অধিকাংশ সময় ফাতেমাই শুই থাকে আৰু নিশাহে বাহিৰলৈ ওলায় ।

Exit mobile version