ৰাম মন্দিৰলৈ এক কেজিৰ সোণৰ ইটা দিব বাবৰৰ বংশধৰে

04a593e6cf86995ffcc701aeab1deb03

ৰাম মন্দিৰৰ নিৰ্মাণ প্ৰস্তুতি তুংগত উঠিছে । অহা ৫আগষ্টত হ’ব মন্দিৰৰ ভূমি পূজন । ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এক কেজি ওজনৰ এটা সোণৰ ইটা দান কৰিব অন্তিম মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ বংশধৰে । বাবৰৰ বংশধৰ প্ৰিন্স য়াকুব হাবিবুদ্দিন তুচিয়ে এই সোণৰ ইটা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত তুলি দিব । তেওঁৰ এই ইচ্ছাৰ কথা এক ভাৰতীয় সংবাদ মাধ্যমক সদৰী কৰে ।

‘ভাৰতত বসবাসকাৰী আমাৰ হিন্দু ভ্ৰাতৃসকলক মই আন্তৰিক অভিনন্দন জনাইছো।মন্দিৰ নিৰ্মাণৰ বাবে মই যি এক কেজি সোণৰ ইটা দান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলো, সেয়া ইতিমধ্যে প্ৰস্তুত হৈছে ।’ আনহাতে, তেওঁৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে ৰাম মন্দিৰ ট্ৰাষ্টৰ এজন সদস্যই মন্তব্য দিয়ে ,’ যিসকলৰ ভগৱান ৰামৰ ওপৰত আস্থা আছে,তেওঁলোকৰ পৰা অনুদান গ্ৰহণত আমাৰ কোনো অসুবিধা নাই ।’

ৰাম মন্দিৰক কেন্দ্ৰ কৰি হাবিবুদ্দিনৰ প্ৰসংগ পূৰ্বেও উত্থাপিত হৈছিল। বাবৰৰ বংশধৰ জনে কৈছিল, ‘সেই ভূমিৰ কোনো নথি এতিয়া মোৰ হাতত নাই । অৱশ্যে মোগলৰ বংশধৰৰূপে সেই ভূমিত মোৰ অধিকাৰেই সকলোতকৈ বেছি । বাবৰৰ বংশধৰৰূপে অযোধ্যাৰ বিতৰ্কিত ভূমি উচ্চ ন্যায়ালয়ে মোৰ হাততে তুলি দিয়া উচিত । মোৰ হাতলৈ আহিলে সমগ্ৰ ভূমিখিনি মই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে হিন্দুসকলক তুলি দিম ।’

লগতে তেওঁ মন্তব্য কৰিছিল যে ১৫২৯ ত মন্দিৰ ভাঙিয়েই মছজিদ নিৰ্মাণ কৰা হৈছিল । সম্প্ৰতি হায়দৰাবাদৰ কাঞ্চনবাগৰ শ্ৰী দত্ত নগৰত অতি সাধাৰণ জীৱন-যাপন কৰা হাবিবুদ্দিনে অৱশ্যে নিজৰ বংশ-গৌৰৱ ৰক্ষাৰ বাবেই নিজৰ নামৰ আগত ‘প্ৰিন্স ‘ শব্দটো ব্যৱহাৰ কৰে । আনকি বিশেষ পৰিস্থিতিত হাবিবুদ্দিনে মোগল সম্ৰাটৰ দৰে পোছাকো পৰিধান কৰে ।

Exit mobile version