আজি সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন বীৰ ছহিদজনক

WhatsApp Image 2020 07 31 at 9.56.30 PM

লোকে লোকাৰণ্য পৰিৱেশ ছহিদক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ

অৱশেষত আজি বজালীৰ নিজ ঘৰৰ চোতালত সহস্ৰাধিক গুণমুগ্ধ, সেনা বিষয়া আৰু প্ৰশাসনৰ সমুখত বীৰ ছহিদ প্ৰনয় কলিতাক সামৰিক মৰ্যাদাৰে অন্তিম বিদায় জনোৱা হয় । বৃহস্পতিবাৰে গোটেই দিনটো বীৰ গৰাকীৰ মৃত্যুৰ বাতৰি পৰিয়ালৰ আন লোক সকলে পত্নী জুমি কলিতা আৰু পিতৃ-মাতৃৰ পৰা লুকুৱাই ৰাখিছিল যদিও বৃহস্পতি বাৰে নিশা প্ৰায় ৮.৩০ বজাত জিলা উপায়ুক্তৰ আগমনত যেতিয়া খবৰটো লাভ কৰে তেতিয়াৰে পৰা ঘৰখনত কান্দোনৰ ৰোল উঠে আৰু এক বুজাব নোৱাৰা পৰিবেশৰ উদ্ভৱ হয় । তাৰ পিছৰে পৰা আজি বীৰ ছহিদ গৰাকীৰ নশ্বৰ দেহ আহি নোপোৱা পৰ্যন্ত ঘৰখনৰ যি হৃদয় বিদাৰক পৰিবেশ সেয়া নিজ চকুৰে নেদেখিলে অনুভৱ কৰা কঠিন । ৰাতিপুৱাৰে পৰা আন সকলোবোৰ লোক দুখী আছিল যদিও ছহিদৰ ৭ বছৰীয়া আৰু ডেৰ বছৰীয়া দুই কণমানি কন্যাই ঘটনাৰ বিষয়ে একো নুবুজি আগৰ দৰেই যেনেকৈ খেলি আছিল সেই দৃশ্যই সকলোকে কন্দুৱাইছিল ।

আজি বহু অপেক্ষাৰ অন্তত দুপৰীয়া প্ৰায় তিনি বজাত ছহিদ গৰাকীৰ নশ্বৰ দেহ সেনাৰ বিশেষ বাহনত ঘৰ লৈ অনা হৈছিল আৰু বজালী বজৰং দলে ৰাষ্ট্ৰীয ঘাইপথেৰে এক বাইক ৰেলীৰে ছহিদ গৰাকীৰ নশ্বৰ দেহ আদৰি আনিছিল । ইয়াৰ পিছতে চৌদিশে উঠিছিল কান্দোনৰ ৰোল । দুই কণমানিয়ে এনে দৃশ্য অবাক হৈ চাই থকাৰ বিপৰীতে ছহিদৰ তিনি ভাতৃ আৰু বৃদ্ধ পিতৃ হৰিপ্ৰসাদ কলিতা আৰু মাতৃ কল্যানী কলিতা বাকৰুদ্ধ হোৱা পৰিৱেশ আাছিল হৃদয় বিদাৰক ।

ইয়াৰ পিছতে সেনাই ছহিদ গৰাকীক জাতীয় পতাকাৰে সন্মান প্ৰদৰ্শন কৰাৰ পিছতে মন্ত্ৰী ভৱেশ কলিতা, বৰপেটা জিলা উপায়ুক্ত মুনিন্দ্ৰ নাথ শৰ্মা, অতিৰিক্ত জিলা উপায়ুক্ত পুলক পাটগিৰি, বৰপেটা জিলা আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰ, বজালী মহকুমাৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ বৰুৱা, চক্ৰ বিষয়া সংগীতা শৰ্মা, দণ্ডাধীশ দিৱস বৰদলৈ, বজালী বিজেপিৰ সভাপতি নগেন চৌধুৰী, জেষ্ঠ কংগ্ৰেছ নেতা গিৰীশ পাটগিৰি আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ নেতা মৃদুল তালুকদাৰ আৰু লক্ষেশ্বৰ দাসে বীৰ ছহিদ গৰাকীক পৰিষদৰ পতাকাৰে শ্ৰদ্ধা নিবেদন কৰে ।

আনহাতে ইয়াৰ পিছতে বীৰ ছহিদৰ পত্নী জুমি কলিতাই বীৰৰ দৰে ধৈৰ্য ধৰি স্বামীৰ দেহত পুষ্প নিবেদন কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে আৰু তাৰ পিছতেই স্বামীৰ শৰীৰত প্ৰদান কৰা জাতীয় পতাকা খন সেনাবাহিনীয়ে পত্নীৰ হাতত অৰ্পন কৰে । একেলগে ৭ বছৰীয়া কণমানি জনীয়েও পিতৃক পুষ্প নিবেদন কৰি শ্ৰদ্ধা নিবেদন কৰে । আনহাতে ইয়াৰ পিছতে আজি ছহিদ গৰাকীৰ বিদায় ক্ষণত উপস্থিত থকা মন্ত্ৰী ভৱেশ কলিতাই সাংবাদিকৰ আগত ঘোষণা কৰি কয় যে ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হালগিৰিঘাটৰ ছহিদ গৰাকীৰ ঘৰলৈ যোৱা পথটো বীৰ ছহিদ গৰাকীৰ নামেৰে নামাকৰণ কৰা কৰা হ’ব ।

একেলগে মূখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁ আজি পৰিয়ালৰ ওচৰত উপস্থিত হোৱা বুলি জানিবলৈ দি কয় যে ছহিদৰ পৰিয়ালৰ লগত চৰকাৰৰ সঁহাৰি সদায় থাকিৱ আৰু পৰৱৰ্তী সময়ত ছহিদ গৰাকীৰ পত্নীৰ সংস্হাপন আৰু পৰিয়ালক প্ৰদান কৰিবলগীয়া আৰ্থিক অনুদান সন্দৰ্ভত জনাব । উল্লেখযোগ্য যে স্হানীয় ৰাইজ আৰু প্ৰশাসনে বেয়া বতৰৰ মাজতে যুদ্ধকালীনভাৱে আজি পুৱাৰে পৰা ছহিদৰ ঘৰলৈ ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই অহা পথচোঁৱা আৰু সমাধি ক্ষেত্ৰ সাজু কৰি তুলিছিল । আজি ছহিদ গৰাকীক তেওঁৰ ৭ বছৰীয়া কন্যাক লৈ মুখাগ্নি কৰে ছহিদৰ কনিষ্ঠ ভাতৄ জয়ন্ত কলিতাই ।  স্বাভাৱিকতে আজি ছহিদ গৰাকীৰ অন্তিম যাত্ৰাত উপস্থিত হোৱা সকলোৱে বুজি পালে ছহিদৰ ত্যাগ, বীৰত্ব আৰু দেশৰ প্ৰতি থকা দায়বদ্ধতা আৰু পৰিয়ালৰ সংঘৰ্ষৰ কাহিনী ।

Exit mobile version