ক্ষমতাৰ খক এতিয়াও যোৱা নাই একাংশ কংগ্ৰেছীৰ

WhatsApp Image 2020 07 31 at 10.02.16 PM

যিসময়ত ৰাজ্যৰ অধিকাংশ মজদুৰৰ উপাৰ্জন পথ বন্ধ হৈ পৰাৰ ফলত পৰিয়াল চলোৱা ক্ষেত্ৰত ব্যাপক সমস্যা সৃষ্টি হৈছে তেনে সময়তৰ ১৫ বছৰ শাসনৰ থকা অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছ ক্ষমতা দখলৰ যুঁজত বলিয়ান হৈছে | ক্ষমতাৰ খকত বলিয়ানহৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাই এখনৰ পাছত আন এখন সংবাদমেল পাতি অভিযোগ-প্ৰতি অভিযোগেৰে উঠি অহা প্ৰজন্মক নিৰ্দশন দাঙি ধৰিছে |

উল্লেখ্য যে, কেইদিনমান পূৰ্বে প্ৰাক্তন বিধায়ক হিৰন্য বৰা আৰু প্ৰাক্তন সাংসদ কিৰিপ চলিহাই পল্টনবজাৰস্থিত মজদুৰ কংগ্ৰেছৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সৰ্বভাৰতীয় মজদুৰ কংগ্ৰেছ সমিতিয়ে হিৰন্য বৰাক সভাপতি আৰু কিৰিপ চলিহাক উপ-সভাপতিৰ দায়িত্ব অৰ্পন কৰা বুলি উল্লেখ কৰাৰ পাছতে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে এক সংবাদমেল পাতি মজদুৰ কংগ্ৰেছৰ আচল সভাপতি তেওঁহে বুলি দাবী কৰে |

তেওঁ কয়, ‘হিৰণ্য বৰাই সভাপতি বুলি কৈ কাৰ্যালয় বেদখল কৰিবলৈ আহিছে, মইহে ইয়াৰ সভাপতি | হিৰণ্য বৰাৰ প্ৰচাৰ সম্পূৰ্ণ ভুৱা, মনে সজা,সংগঠনৰ সংবিধান পৰিপন্থী । উক্ত সংবাদ মেলত বৰাই প্ৰচাৰ কৰা সকলো কথা ভুৱা আৰু মিছা কথা । সংগঠনৰ ধন আত্মসাত কৰাৰ বাবে তেওঁ এই সমূহ কাম কৰি আছে । হিৰণ্য বৰাক সংগঠনৰ পৰা কেতিয়াবাই অপসাৰন কৰা হৈছে।”

উল্লেখ্য যে যি সময়ত অৰ্থনৈতিক ক্ষতিগ্ৰস্ত শ্ৰমিকৰ কাষত থিয় দিব লাগে অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছৰ দৰে সংগঠনসমূহে, তেনে সময়তে অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছত পুনৰ আৰম্ভ হৈছে নেতৃত্বকেন্দ্ৰিক সংঘাত ।দীৰ্ঘদিনৰ পৰা চলি অহা নেতৃত্বৰ খোৱা-কামোৰা যুজঁখনৰ আজিও অন্ত পৰা নাই মজদুৰ কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিত । পুনৰ এই ঘটনাক লৈ হিৰণ্য বৰাৰ বিৰুদ্ধে পল্টনবজাৰ থানা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰা বুলিও প্ৰাক্তন মন্ত্ৰী বৰকটকীয়ে জানিবলৈ দিয়ে।

Exit mobile version