গুৱাহাটী বিমানবন্দৰত শ্বহীদ প্ৰণয় কলিতাক সামৰিক মৰ্যাদা প্ৰদান

pranay kalita

অৱশেষত মাতৃভূমিত উপস্থিত হ’ল মণিপুৰত শ্বহীদ হোৱা অসম ৰাইফলছৰ জোৱান প্ৰণয় কলিতাৰ নশ্বৰ দেহ । এয়াৰ এছিয়াৰ বিশেষ বিমানেৰে আজি মণিপুৰৰ পৰা বৰঝাৰ বিমান বন্দৰলৈ অনা হয় শ্বহীদ কলিতাৰ নশ্বৰ দেহ । বিমানবন্দৰত বীৰ শ্বহীদ গৰাকীক সামৰিক মৰ্যাদা প্ৰদান কৰা হয় । বিমান বন্দৰতে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা, চি আই এছ এফ কামাণ্ডেন লালমোহন ঠাকুৰৰ লগতে বিমান বন্দৰ কৰ্তৃপক্ষ আৰু আৰক্ষীৰ লোকে শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

বীৰ শ্বহীদ গৰাকীৰ দেশ মাতৃৰ বাবে এই আত্মবলিদানক অসম আৰক্ষীৰ তৰফৰ পৰা সন্মান জনায় আৰক্ষী আয়ুক্ত গুপ্তাই । ইয়াৰ পিছতে এম্বুলেন্সেৰে শ্বহীদ গৰাকীৰ নশ্বৰদেহ নিজগৃহ পাঠশালালৈ লৈ যোৱা হয় । উল্লেখ্য যে, মণিপুৰত বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানৰ ওপৰত উগ্ৰপন্থীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ । মণিপুৰৰ চণ্ডেলত ম্যানমাৰ সীমান্তৰ সমীপত অসম ৰাইফলছৰ জোৱানৰ ওপৰত চলা উক্ত আক্ৰমণত শ্বহীদ হৈছিল প্ৰণয় কলিতাসহ আন দুজন অসম ৰাইফলছৰ জোৱান।

Exit mobile version