বাঘজানৰ আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰীৰ কেলেংকাৰি

A congested room in a relief camp near Baghjan

বাঘজানৰ তৈলখাদত আজিও বি অ’ পি স্থাপন কৰিবলৈ সক্ষম নহ’ল বিশেষজ্ঞৰ দল ৷ বিদেশী বিশেষজ্ঞৰ দলটোৱে ৱেল হে’ডত বি অ’ পি যন্ত্ৰটো সংস্থাপিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে যদিও বিয়লি সময়ত বি অ’ পি সংস্থাপনত ব্যৱহৃত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটাত কূপটো নিয়ন্ত্ৰণ কৰাত বিফল হয় ৷ ফলত তেওঁলোকে পুনৰ অন্তিমবাৰৰ চেষ্টা চলাব বুলি জানিবলৈ দিয়ে ৷ ইফালে দ্বিতীয় দিনাও অঞ্চলটোৰ ৰাইজে প্ৰাপ্য বিচাৰি আমৰণ অনশনৰ কাৰ্যসূচী অব্যাহত ৰখাৰ সমান্তৰালভাৱে আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰী যোগানৰ নামত ব্যাপক অনিয়ম হোৱাৰ কথা পোহৰলৈ আহিছে ।

ADVERTISEMENT

উল্লেখযোগ্য যে বাঘজান এক নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত প্ৰশাসনে ৮১৯ টা পৰিয়ালৰ মুঠ ৪,১৮৫ জন লোকৰ বাবে চাউল, দাইল, মিঠাতেল আৰু নিমখ যোগান ধৰিছিল । ন জুনত অগ্নিকাণ্ড সূত্ৰপাত হোৱাত আশ্ৰয় শিবিৰটোত থকা লোকসকলক প্ৰশাসনে বান্দৰখাটি, দিয়ামূলী আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰে । ফলত অইল পুঁজিৰে যোগান ধৰা খাদ্য সামগ্ৰীখিনি উল্লেখিত বিদ্যালয়খনৰ এটা কোঠাতে জমা কৰি ৰাখে প্ৰশাসনে গঠন কৰি দিয়া সমিতিখনে ।

উক্ত শিবিৰটোত পৰিচালনাৰ দায়িত্বত থকা সভাপতি ভাগীৰথী গোৱালাই সদৰী কৰা তথ্য মতে সেই সময়ত ১৫ কুইন্টল চাউল, ছয় কুইন্টল দাইল, ৪৮ লিটাৰ মিঠাতেল আৰু এক কুইন্টল নিমখ মজুত আছিল । কিন্তু সেই সময়ত প্ৰশাসনে জমাকৃত সামগ্ৰীখিনি চমজি নল’লে ৷ অগ্নিকাণ্ডৰ দুদিনৰ পিছত সেই বিদ্যালয় প্ৰশাসনে নিৰাপত্তাৰক্ষী অস্থায়ী চাউনিলৈ পৰ্যবেসিত কৰিলে আৰু সেই নিৰাপত্তাৰ বেহু ফালি জমাকৃত সামগ্ৰী খিনিৰ পৰা হঠাৎ অন্তৰ্ধান হ’ল ৬.৫ কুইন্টল চাউল, ৩.৬ কুইন্টল দাইল আৰু ৪৮ লিটাৰ মিঠাতেল আৰু দুটা নিমখৰ বেগ ।

অভিযোগ উঠা অনুসৰি আশ্ৰয় শিবিৰৰ পৰিচালনা সমিতিয়ে ৪,১৮৫ জন লোকৰ বিপৰীতে পোৱা খাদ্য সামগ্ৰী বিতৰণত ব্যাপক কেলেংকাৰি সংঘটিত কৰি আহিছে । ঘৰে ঘৰে খাদ্য সামগ্ৰীৰ বিতৰণ কৰা হ’ব বুলি সমিতিখনে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি এই দুৰ্নীতি পাতনি মেলা বুলি ভূক্তভোগীয়ে উল্লেখ কৰিছে । সম্প্ৰতি সংঘটিত দুৰ্নীতিৰ ক্ষেত্ৰত জিলা প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে যদিও পৰিচালনা সমিতিৰ সভাপতিজনে বহু সামগ্ৰী মজুত কৰি ৰখা স্থানৰ পৰা চুৰি হোৱা বুলিহে মন্তব্য কৰি আহিছে ৷

Exit mobile version