ব্ৰিটেইনৰ ভাৰতীয় বংশোদ্ভুত শিশুৰ কৰ’না যুঁজলৈ সাহায্য

Screenshot 2020 07 31 18 48 02 50 e2d5b3f32b79de1d45acd1fad96fbb0f

কৰ’নাৰ বিৰুদ্ধে যুঁজি থকা ভাৰতক ব্ৰিটেইনৰ এটি পাঁচ বছৰীয়া শিশুৱে আগবঢ়াইছে লক্ষাধিক টকাৰ অৰ্থসাহাৰ্য । অন্নেশ্ব কুঞ্চলা নামৰ ভাৰতীয় বংশোদ্ভুত এই শিশুটিয়ে মুঠ ৩.৭ লাখ টকা কৰ’না আক্ৰান্তৰ চিকিৎসাৰ বাবে আগবঢ়ায় । শিশুটিৰ এই কাণ্ডত হতবাক ব্ৰিটিছ সাংসদ । অন্নেশ্বে সম্প্ৰতি দৈনিক বন্ধুবৰ্গৰে মিলি চাইকেল লৈ ইঘৰ-সিঘৰকৈ ভাৰতৰ বাবে সংগ্ৰহ কৰিছে এই ধন ।

এই অভিযানৰ নাম দিয়া হৈছিল ‘লিটল পেডেলাৰচ অন্নেশ্ব এণ্ড হিজ ফ্রেণ্ডছ’ বুলি । শিশুকেইটাৰ এই অভিযানৰ কথা পোহৰলৈ অহাত বিশ্বৰ বিভিন্ন জনে অৰ্থ সাহাৰ্য্য প্ৰেৰণ কৰে অন্নেশ্বলৈ । ৱাৰিংটন ছাউথৰ সাংসদ এণ্ডি কাৰ্টাৰে এই কাৰ্যৰ বাবে অন্নেশ্বক ধন্যবাদ জনাইছে । কৰ’না আক্ৰান্তসকলৰ সাহাৰ্যৰ বাবে শিশুকেইটাৰ এই কৰ্মৰ শলাগ লৈছে বহুতে ।

Exit mobile version