মৰিগাঁও-নগাঁও জিলাৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কোটি টকীয়া কেলেংকাৰীৰ মহানায়ক কলেজৰ প্ৰবক্তা ছাইকুল ইছলামক ৰঙাঘৰলৈ প্ৰেৰণ

WhatsApp Image 2020 07 31 at 6.02.06 PM

সংখ্যালঘু ছাত্ৰ-ছাত্ৰী বৃত্তিৰ ৬ কোটি টকীয়া কেলেংকাৰীৰ অন্যতম মহানায়ক তথা নগাঁও জিলাৰ হাতিচুং কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ছাইকুল ইছলামক আজি মৈৰাবাৰী আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে। ছাইকুল ইছলামক মৰিগাঁও আৰু মৈৰাবাৰী আৰক্ষীয়ে বৃহস্পতিবাৰে আটক কৰিছিল নগাঁও জিলাৰ কাৱৈমাৰীৰ পৰা । বৰ্তমান কাৱৈমাৰীৰ নতুনকৈ ঘৰ সাজিছে যদিও প্ৰকৃততে ছাইকুল ইছলামৰ ঘৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত লোচনাবড়ীৰ এক নং ৱাৰ্ডত ।

উল্লেখ্য যে হাতীচুং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ছাইকুল ইছলামে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া সংখ্যালঘু ছাত্ৰ-ছাত্ৰী সকলৰ জলপানিৰ কে’বাকোটি টকা ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত জালিয়তিৰে আত্মস্যাৎ কৰিছিল ৷ ২০১৪-১৫ বিত্তীয় বৰ্ষত সংঘটিত হৈছিল সংখ্যালঘু ছাত্ৰ বৃত্তিৰ এই ভয়ানক কেলেংকাৰী । উল্লেখযোগ্য যে ছাইকুল ইছলামে হঠাৎ আৰম্ভ কৰিছিল বিলাসী জীৱন । কম দিনতে হৈ পৰিছিল অগাধ সম্পত্তিৰ মালিক। প্ৰবঞ্চক অধ্যাপক ছাইকুল ইচলামৰ বিৰুদ্ধে মৈৰাবাৰী থানা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ৪৬৮/৪৭১/৪২০/৪০৯/৪০৬/ ৫০৬/ ৩৪ ধাৰাৰ অধীনত ৪০৫/২০২০ নম্বৰত এটি গোচৰ পঞ্জিয়ন কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

এজন লোকৰ এজাহাৰৰ ভিত্তিত মৰিগাঁও আৰক্ষী অধীক্ষৰ নন্দ সিং বৰকলাৰ নেতৃত্বত হোৱা তদন্তত দুৰ্নীতিৰ মহানায়ক ছাইকুল ইছলাম ৰঙা ঘৰৰ আলহী হ’ব লগা হ’ল । তদন্ত কালত বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ হৈছে ছাইকুল ইছলামৰ পৰা। অকল ইমানেই নহয় অধ্যাপক জনৰ বিৰুদ্ধে আছে আন আন গুৰুতৰ অভিযোগ । সেইবোৰৰ ভিতৰত শিক্ষাৰ প্ৰমাণ পত্ৰ জালিয়াতিৰে চাকৰি লোৱা ৷ বহু লোকক বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত প্ৰলোভনেৰে ধন লৈ প্ৰবঞ্চনা কৰা আদি উল্লেখ যোগ্য ।

প্ৰণিধানযোগ্য যে তেওঁৰ পত্নী এগৰাকী অধিবক্তা । যাৰ ফলত অতি সহজে জালিয়াতিৰে কৰ্টত শপতনামা দাখিল কৰি একাংশ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ স্বাৰ্থজনিত সহযোগত বিদ্যালয়ত নথকা ছাত্ৰৰ নামটো বৃত্তিৰ টকা আৱন্তন কৰাই আত্মসাৎ কৰিছিল ছাইকুলে । ছাইকুল ইছলামে সংঘটিত কৰা ছাত্ৰ বৃত্তিৰ কেলেংকাৰী প্ৰায় ৫-৬ কোটি টকা পৰ্যন্ত হ’বগৈ ।

উল্লেখ্য যে, ছাত্ৰ বৃত্তিৰ এই কেলেংকাৰী ২০১৫ চনৰ পৰা ধাৰাবাহিকভাৱে বৰ্তমানো চলি আছে মৰিগাঁৱত । বিভিন্ন সময়ত একাংশ চি এছ পি স্কুল শিক্ষকৰ নাম এনে কেলেংকাৰীত সোঙোৰ খাই পৰি আহিছে যদিও তদন্তৰ নামত মৰিগাঁও জিলাত দীৰ্ঘদিন ধৰি ভেকোঁভাওনা চলি আহিছে । ফলত ৰহস্যজনক কাৰণত বাৰে বাৰে সাৰি গৈছিল এনে প্ৰবঞ্চক । সাম্প্ৰতিক কালতো এটা বৃহৎ চক্ৰই সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত কে’বা কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ আছে । বৰ্তমানো সক্ৰিয় হৈ আছে সেই বাহিনীটো। অকল ছাত্ৰ বৃত্তিয়ে নহয় এনে প্ৰৱঞ্চকৰ বাহিনীয়ে পূৰ্বে মৃত মানুহৰ নামতো কৃষি ঋণ লৈ কোটি কোটি টকা লুণ্ঠন কৰি এতিয়া অপাৰ সম্পত্তিৰ মালিক হৈ আছে বৰ্তমান ।

মৰিগাঁও জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষকৰ দৃঢ় পদক্ষেপ হলে ছাইকুল ইছলামৰ দৰে আন বহু প্ৰৱঞ্চক হেকাৰ আদি আৰক্ষীৰ জালত যে পৰিব সেয়া নিশ্চিত। কিন্তু এই ক্ষেত্ৰত আৰক্ষী অধীক্ষক গৰাকীয়ে কেনে ভূমিকা লয় সেয়াহে হ’ব লক্ষ্যনীয় ।

Exit mobile version