সুৰা বন্ধ গতিকে বিকল্প ছেনিটাইজাৰ

image 2

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ মহামাৰী ৰূপ ৷ তাৰ মাজতে চৰকাৰে বিভিন্ন ৰাজ্যত কৰ’নাক প্ৰতিৰোধ কৰিবৰ কাৰণে দিছে তলাবন্ধ ৷ এই সময়ত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ থকাৰ সমান্তৰালভাৱে বন্ধ হৈ আছে সুৰাৰ দোকানসমূহো ৷ এই সময়তে অন্ধ্ৰপ্ৰদেশত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷

আৰক্ষীৰ এক বিশেষ সূত্ৰৰ মতে অন্ধ্ৰপ্ৰদেশৰ প্ৰাকাচাম জিলাত ক’ভিড-১৯ৰ প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ মাজতে ১০ জন লোকে চেনিটাইজাৰ খোৱাৰ ফলত মৃত্যুক সাৱটি লয় ৷ এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাকাচাম জিলাৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ কৌশলৰ ভাষ্য অনুসৰি কুৰ্চিডু গাঁৱৰ একাংশ লোকে কিছুদিন ধৰি পানী আৰু ছেনিটাইজাৰ মিলাই নিচা যুক্ত পানীয় হিচাপে গ্ৰহণ কৰি আহিছিল ।

ইয়াৰ পৰিপেক্ষিতত দুজন লোক বৃহস্পতিবাৰে মৃত্যু হোৱাৰ পৰিৱৰ্তে বাকী আঠজন লোকৰ আজি পুৱা মৃত্যু হয় । কৰ’না ভাইৰাছ প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণেই সুৰাৰ দোকানসমূহ বন্ধ থকাৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি আশংকা কৰিছে আৰক্ষীয়ে ।

ইফালে অধীক্ষক কৌশলে কয় “আমি সকলো ধৰণৰ তদন্ত অব্যাহত ৰাখিছো । আমি পৰীক্ষাৰ কাৰণে চেম্পল বাহিৰলৈ পঠিয়াইছো ।” আনহাতে মৃত্যু হোৱা লোকসকলৰ ভিতৰত দুজন ভিক্ষাৰী, ৰিক্সাচালকৰ লগতে আছে আন আঠজন লোক । বৃহস্পতিবাৰে মৃত্যু হোৱা এজন ভিক্ষাৰীৰ মৃতদেহ মন্দিৰৰ কাষত উদ্ধাৰ কৰা হৈছে ৷ আন এজনৰ দাৰ্চি নগৰৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হয় । এই কথা সদৰী কৰিছে আৰক্ষীয়ে ৷

Exit mobile version