তলাবন্ধৰ সময়ত বহু প্ৰবজিত শ্ৰমিকক নিজৰ গৃহৰাজ্যলৈ বাছ, ৰেল, বিমানেৰে যাত্ৰা কৰাৰ সুবিধা আগবঢ়াইছিল বলিউডৰ জনপ্ৰিয় অভিনেতা চনু সুদে। অলপতে এখন ট্ৰেক্টৰ দি এক কৃষক পৰিয়ালক উপহাৰ দিও চনুৱে সংবাদ শিৰোনাম দখল কৰিছিল । বলিউডৰ এইজন অভিনেতাই এইবাৰ কমেও তিনিলাখ প্ৰবজিত শ্ৰমিকক সংস্থাপন প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিব। চনুৱে প্ৰবাসীৰোজগাৰ ডট কম নামেৰে এটা নতুন ৱেবচাইট তৈয়াৰ কৰিছে আৰু এই ৱেবচাইটে বিভিন্ন সংস্থাপনৰ খা-খবৰ প্ৰেৰণ কৰিব। অভিনেতাজনৰ নতুন ৱেবচাইটটোৰ জৰিয়তে কমেও তিনি লাখ প্ৰবজিত শ্ৰমিকে নিয়োগ লাভৰ সুবিধা লাভ কৰিব ।
চনুৱে এই পৰিকল্পনা ৰূপায়ণৰ বাবে দেশৰ ৫০০ টা আগশাৰীৰ বৃহৎ কোম্পানীৰ সৈতে চুক্তি কৰিছে আৰু এই সংস্থাসমূহে শ্ৰমিকক দক্ষতা অনুসৰি নিযুক্তিৰ সুবিধা আগবঢ়াব । এই নতুন পৰিকল্পনা ৰূপায়ণৰ সন্দৰ্ভত অভিনেতাজনে মন্তব্য কৰি কয় যে তলাবন্ধৰ সময়ত দেশৰ লাখ লাখ শ্ৰমিক/কৰ্মচাৰী সংস্থাপনহীন হ’ল আৰু এইসকল লোকক নতুন জীৱন আৰু সংস্থাপন প্ৰদানৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।