চিৰাঙত প্ৰাক-নিৰ্বাচনী হিংসা, ইউপিপিএল দলৰ লোকে আক্ৰমণ কৰিলে গঞাক

চিৰাঙত প্ৰাক নিৰ্বাচনী হিংসা । বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। আৰম্ভ হৈছে আক্ৰমণ প্ৰত‍্যাহিংসা । আজি চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ৰৌমাৰীৰ উত্তৰ সুকানিপাৰাত সংঘটিত হৈছে এক নিৰ্বাচনী হিংসাৰ ঘটনা । গাঁওখনত কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এমচিএল এ তথা বৰ্তমান ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ এখন নিৰ্ব্বাচনি সভা আছিল ।

ADVERTISEMENT

সন্ধিয়া অনুষ্ঠিত সভাত প্ৰাৰ্থীজন নিজে উপস্থিত থকাত গাঁওৰ কেইজনমান লোকে বিগত পাঁচ বছৰত কোনো উন্নয়নমূলক কাম নোহোৱাৰ অভিযোগ কৰাৰ লগে লগেই ইউপিপিএল দলৰ সমৰ্থক সকলে মাৰপিট কৰে বুলি অভিযোগ উত্তাপন কৰিছে । এই সন্দৰ্ভত ইতিমধ‍্য ঢালিগাঁও থানাত এজাহাৰ দাখিল কৰিছে মাৰপিটৰ বলি হোৱা লোক তিনিজনে । মাৰপিটৰ বলি লোক সকলক আৰক্ষীয়ে উদ্ধাৰ কৰি কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব‍্যৱস্থা কৰে ।

তাৰ পিচতে কিশোৰ বসুমতাৰী, ৰতন বসুমতাৰী আৰু সম্বৰসিং বসুমতাৰী নামৰ লোক তিনিজনক ইউপিপিএল দলৰ সমৰ্থকে মাৰপিট কৰাৰ অভিযোগত এজাহাৰ দিয়ে । এজাহাৰত উল্লেখ কৰে যে সাধাৰণ গাঁওবাসী তথা ভোটাৰ সকলৰ অধিকাৰ আছে জনপ্ৰতিনিধিক প্ৰশ্ন কৰাৰ । এই প্ৰশ্ন কৰাত ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ উপস্থিতিত দলটোৰ সমৰ্থক ক্ৰমে শৈলেন ব্ৰহ্ম, মৃদুৰাজ ব্ৰহ্ম, জৌঙ্গদাউ ব্ৰহ্ম আৰু প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে আক্ৰমণ কৰে । এই ঘটনাক কাজলগাঁও ব্লক কমিটী বিপিএফে গৰিহনা দিয়াৰ লগতে দোষী ব‍্যাক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনায় ।

Exit mobile version