শিশুৱে হওক বা বয়োজ্যেষ্ঠ লোকেই হওক প্ৰতি বছৰে ১০ নিযুত লোক ডিঙিত খাদ্য লাগি বা কোনো বস্তু লাগি ধৰি উশাহ বন্ধ হৈ মৃত্যুৰ মুখত পৰে ।পাঁচ বছৰৰ বা ৬৫ বছৰৰ ওপৰৰ বয়সৰ লোকৰ ক্ষেত্ৰত খৰখেদাকৈ খাদ্য খোৱা অৱস্থাত গাঁঠি লাগি শ্বাস বন্ধ হোৱাৰ ফলত অতি কষ্টকৰ পৰিস্থিতিৰ সৃষ্টি হয় । চিকিৎসকৰ ভাষাত এই সমস্যাটোক কোৱা হয় ‘ চোকিং’।
আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে খাদ্য ডিঙিত লাগি মৃত্যুৰ দুৱাৰ দলিত উপস্থিত হৈছিল জৰ্জ বুশ্ব । মাংসৰ হাড় ডিঙিত লাগি মৃত্যু হৈছিল বেছবল খেলুৱৈ জিমি ফক্স আৰু নাট্যকাৰ টেনিচি উইলিয়ামছৰ । খাদ্য খোৱাৰ সময়ত গাঁঠি লাগি বা আন কোনো বস্তু ডিঙিৰ শ্বাসনলীত লাগি ধৰিলে হাওঁ-ফাঁওলৈ অক্সিজেনৰ সৰবৰাহত বিঘিনি ঘটে । শৰীৰত অক্সিজেন হ্ৰাস পোৱা অৱস্থাকে চিকিৎসকৰ ভাষাত কোৱা হয় ‘ এস্ফিক্সিয়া’ ।
শ্বাসনলী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিলে হৃদযন্ত্ৰ আৰু মস্তিষ্কই অক্সিজেনৰ অভাৱত কাম কৰিব নোৱাৰা হৈ পৰে । এই অৱস্থাক চিকিৎসকৰ ভাষাত কোৱা হয় ‘এন’ক্সিয়া’ । এনে অৱস্থাত চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে যে এই ক্ষেত্ৰত আতংকিত হোৱাৰ পৰিৱৰ্তে মূৰ ঠাণ্ডা কৰি ৰাখি ৰোগীক কাহিবলৈ ক’ব লাগে । তাৰ লগতে পিঠিত চাপৰ মাৰিলে ডিঙিত লাগি ধৰা খাদ্যবস্তু ওলাই আহিব পাৰে ।
কিন্ত তেতিয়াও যদি সমস্যা নকমে তেওঁক ততালিকে হাস্পতাললৈ নিব লাগে । হেনৰি হেইলমলিক নামৰ চিকিৎসকজনে উদ্ধাৱন কৰা পদ্ধতি অনুসৰি ৰোগীক পাছফালৰ পৰা সাৱটি ধৰি পেট আৰু কামিহাড়ৰ সংযোগস্থলীত হাত দুখনেৰে মুচৰি দিয়াৰ দৰে সজোৰে খুন্দা মাৰিলে লাগি ধৰা খাদ্যৰ টুকুৰা বাহিৰলৈ ওলাই আহিব । অৱশ্যে প্ৰশিক্ষিত লোকেহে এই কাম কৰিব পাৰে ।
