তলাবন্ধৰ ইতিবাচক প্ৰভাৱ: দীপৰ বিল, ৰাণীত হাতবাউলি মাতিছে প্ৰাকৃতিক সৌন্দৰ্যই

WhatsApp Image 2020 08 02 at 9.00.09 PM

সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে পৰ্যায়ক্ৰমে তলাবন্ধ ঘোষণা কৰা হৈছে । তলাবন্ধৰ সময়ছোৱাত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰাৰ লগতে সামাজিক-অৰ্থনৈতিক দিশত বিশ্বজুৰি নেতিবাচক প্ৰভাৱ পৰিছে । এনে নেতিবাচক প্ৰভাৱ পৰিলেও প্ৰকৃতি আৰু পৰিবেশৰ ক্ষেত্ৰখনত তলাবন্ধৰ ইতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ তলাবন্ধৰ বাবে অতি কম সংখ্যক যান-বাহনৰ চলাচল হৈছে । ইয়াৰ ফলত যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা, ধূলিসৃষ্ট প্ৰদূষণ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ।

যাৰফলত এইবাৰ প্ৰকৃতিয়ে নিজ সৌন্দৰ্যৰে উজ্বলি উঠাৰ সুযোগ পাইছে। মহানগৰী গুৱাহাটীৰ দক্ষিণ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ পৰা ৰাণীলৈ পশ্চিম গুৱাহাটীৰ এক বিস্তৃৰ্ণ অঞ্চল প্ৰাকৃতিক সৌন্দৰ্যৰ অপৰূপ পৰিৱেশে হাত বাউলি মাতিছে প্ৰকৃতিপ্ৰেমিক । দীপৰ বিলৰ পৰা ৰাণীৰ অসম-মেঘালয় সীমান্তৰ শুকুৰবেৰীয়ালৈকে বৃহত্তৰ অঞ্চলটো এতিয়া শ্বিলং, ছেৰাপুঞ্জীৰ দৰে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰিছে ।

কিন্তু তলাবন্ধৰ বাবে প্ৰকৃতিয়ে হাতবাউলি মাতিলেও এতিয়া সৌন্দৰ্য উপভোগ কৰিবলৈ দৰ্শকৰ অভাৱ । এই মহামাৰীৰ সন্ত্ৰাস কমিলেই ৰাইজে উক্ত প্ৰাকৃতিক মনোৰম সৌন্দৰ্য উপভোগ কৰিব পাৰিব বুলি বুলি অঞ্চলবাসীয়ে আশা ব্যক্ত কৰিছে।

Exit mobile version