ভাৰতীয় সেনাত গোর্খা জোৱানৰ অন্তৰ্ভুক্তিৰ বিৰোধিতা নেপালৰ

Screenshot 5

চীনৰ সমান্তৰালকৈ ভাৰতৰ স’তে সীমা বিবাদত জড়িত হৈ পৰিছে নেপাল। ৰাষ্ট্ৰখনৰ নতুন মানচিত্ৰ তৈয়াৰক কেন্দ্ৰ কৰিয়ে বিবাদৰ সূত্ৰপাত ঘটিছে। ভাৰতৰ বিৰুদ্ধে নেপালৰ এই উচটনিমূলক কাৰ্যকলাপত উদগনি যোগাইছে চীনে। অলপতে অভিযোগ উঠিছিল যে কাঠমাণ্ডুত নিযুক্ত চীনৰ সুন্দৰী ৰাষ্ট্ৰদূতৰ ইংগিততেই নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে ভাৰতবিৰোধী কাৰ্যকলাপ আৰম্ভ কৰিছে ।

সেই অভিযোগ যে অমূলক নহয়, তাকেই প্ৰমাণ কৰি এইবাৰ ভাৰতীয় সেনাবাহিনীত নেপালৰ গোৰ্খাসকলৰ নিয়োগ সংক্ৰান্তীয় চুক্তি বাতিলৰ পক্ষে পুনৰ সৰৱ হৈছে কাঠমাণ্ডু। এই পদক্ষেপৰ অন্তৰালতো চীনৰ উচতনি থকাৰ সন্দেহ কৰা হৈছে। নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ গিয়াওৱালিয়ে এক ভাৰ্চুৱেল বৈঠকত কয়, গোর্খা সেনাৰ সন্দৰ্ভত ভাৰত-নেপাল-ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিৰ প্ৰয়োজনীয়তাৰ ওৰ পৰিছে । এতিয়া সেই চুক্তি বাতিল কৰা শ্ৰেয় । বিদেশী বাহিনীত নেপালী নাগৰিকসকলে যোগ দিয়া উচিত নহয় ।’

অৱশ্যে ব্ৰিটেইনৰ নাম উচ্চাৰণ কৰিলেও গিয়াওৱালিয়ে যে প্ৰকৃততে ভাৰতকেই লক্ষ্য কৰি কৈছে,তাত কোনেও দ্বিমত পোষণ কৰা নাই । পুনৰ ভাৰত-বিৰোধী অৱস্থান স্পষ্ট কৰি নেপালৰ বৈদেশিক মন্ত্ৰীজনে লগতে কয়, ‘কালপানীত সীমা বিবাদক কেন্দ্ৰ কৰি আলোচনাৰ বাবে আমি প্ৰস্তাৱ দিছিলো । অথচ সেই প্ৰস্তাৱৰ কোনো ইতিবাচক সঁহাৰি নিদিলে ভাৰতে । কাঠমাণ্ডুৰ এই চিন্তা চৰ্চাৰ আঁৰতো চীনৰ হাত থকাৰ সন্দেহ কৰা হৈছে । ইয়াৰ প্ৰধান কাৰণ হৈছে পাহাৰীয়া যুদ্ধত গোর্খা বাহিনীৰ বিশেষ দক্ষতা ।’

উল্লেখ্য যে পাহাৰৰ বিৰাট উচ্চতা আৰু পৰিবেশত গোর্খা সকলৰ জন্মগতভাৱে স্বাচ্ছন্দ্য । ওখ পৰ্বতৰ বায়ুৰ নিম্নচাপ আৰু বৰফৰ ঠাণ্ডাটো গোর্খা সকল অভ্যস্ত । লগতে পৰ্বত বগাই যুদ্ধ কৰাটো তেওঁলোক সিদ্ধ হস্ত। কাৰ্গিলৰ যুদ্ধতো গোর্খাবাহিনীয়ে বিশেষ ভূমিকা পালন কৰিছিল। সেই বাবেই কেন্দ্ৰই চীনা বাহিনীৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত গোর্খাবাহিনীক নিয়োজিত কৰাৰ পৰিকল্পনা কৰা বুলিও কিছুদিনৰ পূৰ্বে বাতৰি প্ৰকাশ পাইছিল ।

ইয়াৰ বাবে নেপালৰ বাসগৃহলৈ গৈ তলাবন্ধৰ বাবে আবদ্ধ হৈ পৰা কে’বা হেজাৰ গোর্খাসেনাক ভাৰতে ঘূৰাই অনাৰ পৰিকল্পনা কৰিছিল। আনকি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে নিজে তৎপৰতা প্ৰদৰ্শন কৰি গোর্খা সেনাসকলে ভাৰতলৈ ঘূৰি অহাৰ সময়ত তেওঁলোকক যাতে তলাবন্ধৰ বাবে সীমান্তত কোনো প্ৰকাৰে হাৰাশাস্তি কৰা নহয়, তাৰো নিৰ্দেশ দিছিল । লাডাখৰ দৰে স্থানত গোর্খাসকল অভ্যস্ত । সেয়ে যুদ্ধ আৰম্ভ হ’লে লাডাখ বা আন পাহাৰীয়া অঞ্চলত গোর্খাবাহিনীক সমুখ সমৰত পৰাভূত কৰাটো চীনা সৈন্যৰ বাবে কষ্টকৰ হৈ পৰিব ।

সেই কথা অনুধাৱন কৰিয়েই হয়তো বেইজিঙে ত্ৰিপাক্ষিক চুক্তি বাতিলৰ বাবে নেপালক প্ৰৰোচিত কৰিব পাৰি বুলিও এটা মহলে সন্দেহ কৰিছে। কিয়নো চুক্তি বাতিল হ’লে ভাৰত-চীনৰ যুদ্ধ হলেও গোর্খা ৰেজিমেণ্টক ব্যৱহাৰ কৰিব নোৱাৰিব ভাৰতীয় সেনাই । যিটো হ’ব ভাৰতীয় সেনাৰ বাবেই বিৰাট ক্ষতি ।

অৱশ্যে চুক্তি বাতিলৰ বিষয়টো নেপালত পূৰ্বেও উত্থাপিত হৈছিল । ২০১৮ ত নেপালৰ শাসনাধিষ্ঠিত দল কমিউনিষ্ট পাৰ্টিৰ তাগিদাত অলি চৰকাৰে এক টাস্কফৰ্চ গঠন কৰিছিল । সেই টাস্কফ’ৰ্চেও নেপালী তৰুণসকলৰ বিদেশী সেনাৰ যোগদান নিষিদ্ধ কৰাৰ চুপাৰিছ কৰিছিল। অৱশ্যে সেই সময়ত বিষয়টো তল পৰি যায়। কিন্তু চীনৰ উচতনিত এতিয়া পুনৰ গোর্খাসৈনিকসকলৰ সন্দৰ্ভত সৰৱ হৈছে নেপাল।

Exit mobile version