সুস্থ হৈ ঘৰলৈ উভতিল বিগ বি অমিতাভ বচ্চন

Amitabh Bachchan

কৰ’নাত আক্ৰান্ত হৈ কে’বাদিনো ধৰি মুম্বাইৰ নানাৱতী হস্পিতালত চিকিৎসাধীন হৈ থকা মহাতাৰকা অমিতাভ বচ্চন এতিয়া প্ৰায় সুস্থ। সামাজিক মাধ্যম ফেচবুকযোগে এই কথা প্ৰকাশ কৰি কয় যে, ‘আজি পুৱা মোৰ ক’ভিড-১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে আৰু ইয়াৰ পাছতে মোক হস্পিতালৰ পৰা ডিচাৰ্জ দিয়া হয়। বৰ্তমান মই ঘৰত আহিলো। সম্প্ৰতি মই নিজে ৰূমত অকলশৰীয়াকৈ কোৱাৰেন্টাইনত থাকিব লাগিব । সকলোৰে কৃপাত, মা-দেউতাৰ আশীৰ্বাদ, বন্ধুবৰ্গৰ প্রাৰ্থনা, মোৰ অনুৰাগী আৰু নানাৱতী হস্পিতালত উৎকৃষ্টতাৰে শুশ্ৰূষা কৰা নাৰ্ছসকলে আজি মোক এই দিনবোৰ দেখিবলৈ সম্ভৱ কৰি তুলিলে । সকলোকে মই হাতযোৰ কৰি ধন্যবাদ জ্ঞাপন কৰিছো ।’

ADVERTISEMENT
Exit mobile version