হোম আইছ’লেচনত থকা ব্যক্তিক স্বাস্থ্য বিভাগৰ নীতি-নিয়ম মানি চলিবলৈ জিলা উপায়ুক্তৰ আহ্বান

Biswajit Pegu

কামৰূপ মহানগৰ জিলাত দ্ৰুত গতিত বৃদ্ধি পোৱা কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড পজিটিভ চিনাক্ত হোৱা আৰু হোম আইচ’লেচনত থকা ব্যক্তিসকল আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি নিয়মসমূহ কঠোৰ ভাৱে মানি চলিবলৈ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আহ্বান জনাইছে ।

উল্লেখ্য যে, মহানগৰীত হোম আইছলেচনত থকা কিছু সংখ্যক ক’ভিড পজিটিভ চিনাক্ত হোৱা ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা উলংঘা কৰি ঘৰৰ বাহিৰলৈ ওলাই অহা জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। বিগত কেইদিনত হোম আইচ’লেচনত থকাৰ সুবিধা লাভ কৰা ৬৬ গৰাকী ক’ভিড পজিটিভ ব্যক্তিৰ ১৮ গৰাকীয়ে নীতি-নিয়ম উলংঘা কৰাৰ তথ্য লাভ কৰাৰ পাছত জিলা প্ৰশাসনে এই কেইগৰাকী ব্যক্তিৰ হোম আইছ’লেছনত থকাৰ অনুমোদন বাতিল কৰি ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ।

হোম আইছলেচনত থকা ব্যক্তিসকলক স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষীৰ তৰফৰ পৰা নিৰীক্ষণ কৰি থকাৰ লগতে চিকিৎসাজনিত পৰামৰ্শ বা অন্যান্য ঔষধ-পাতি আদিৰ বাবে হোম আইছলেচনত থকা লোকসকলে ১০৪ ত ফোনযোগে জনাব পাৰিব। তদুপৰি সাৰধি ১০৪ ৰ তৰফৰ পৰা ০৩৬১-২৫৬৪৪০০, ০৩৬১-২৫৬৪৩০০ আৰু ০৩৬১-২৫৬৪২০০ফোন নম্বৰ কেইটাৰ পৰা স্বাস্থ্য বিভাগে ফোন যোগে যোগাযোগ কৰি থকাৰ ব্যৱস্থা লোৱা হৈছে ।

আনহাতে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি গুৱাহাটীৰ হকী ষ্টেডিয়ামৰ সমীপৰ উত্তৰায়ণ গ্ৰীণ নামৰ এপাৰ্টমেণ্টৰ ১০৭ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰে । এপাৰ্টমেণ্টৰ আবাসীসকলে স্ব-ইচ্ছাই ৰেপিড এন্টিজেন টেষ্ট কৰিবলৈ আগবাঢ়ি অহাৰ বাবে উপায়ুক্ত বিশ্বজিৎ পেগুৱে তেওঁলোকৰ শলাগ লৈ কয় যে, মহানগৰীৰ অন্যান্য এপাৰ্টমেণ্টৰ আবাসীসকলেও এনেদৰে স্ব-ইচ্ছাই ক’ভিড টেষ্ট কৰিবলৈ আগবাঢ়ি আহিলে জিলা প্ৰশাসনে এপাৰ্টমেণ্ট সমূহত চিকিৎসা বিভাগৰ গোট পঠিয়াই ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা গ্ৰহণ কৰিব ।

Exit mobile version