জিম যোগ কেন্দ্ৰসমূহলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা

GettyImages 1217238812 b82d3024 0651 4a31 997e 34f616eb9fd9 prv

আনলক ৩ ৰ সময়ত ৰাজ্যত ৫ আগষ্টৰ পৰা খুলিব লগা জিম আৰু যোগ কেন্দ্ৰসমূহলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ নিৰ্দেশনা অনুযায়ী ৬৫ ৰ উৰ্দ্ধৰ ব্যক্তি, ৰুগীয়া ব্যক্তি, গৰ্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ ল’ৰা ছোৱালী শৰীৰ চৰ্চাৰ পৰা বিৰত থাকিব লাগিব । লগতে কেন্দ্ৰসমূহৰ বিষয়ববীয়াই ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে সকলো নিৰ্দেশনা মানি চলিব লাগিব । ইয়াৰ ভিতৰত

১. যোগ কেন্দ্ৰসমূহত ৬ ফুট দূৰত্ব মানি চলিব লাগিব ৷

২. শাৰীৰিক ব্যায়ামৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷ ব্যায়াম কৰাৰ সময়ত শ্বাস প্ৰশ্বাসত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ কাৰণে N95 মাস্ক পৰিধান কৰাটো জৰুৰী  ৷

৩. পৰিস্কাৰ হৈ থাকিলেও প্ৰায় ৪০-৬০ ছেকেণ্ডৰ অন্তৰে অন্তৰে হাত ধোৱাটো প্ৰয়োজন । লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰাটোও বাধ্যতামূলক ৷ হাঁচি, কাহ অহাৰ পিছত ব্যৱহাৰ কৰা ৰুমাল, টিছু একাষৰীয়াকৈ ডাষ্টবিনত পেলাব লাগিব।

আনহাতে সকলোকে “আৰোগ্য সেতু”এপ ডাউনলোড কৰিবলৈ আহ্বান কৰিছে মন্ত্ৰণালয়ে ৷

Exit mobile version