তলাবন্ধত স্থৱিৰ পৰিবহন ব্যৱসায়

Screenshot 8

দীঘলীয়া তলাবন্ধৰ প্ৰভাৱত সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহন ব্যৱসায় ৷ থলুৱা লোকৰ দ্বাৰা নিয়ন্ত্ৰিত এই খণ্ডক পুনৰোজ্জীৱিতকৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ৷ ফলত এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে ইয়াৰ লগত প্ৰত্যক্ষভাৱে জৰিত হেজাৰ হেজাৰ লোক । দৈনিক অগ্ৰদূত”ৰ আগত এই কথা সদৰী কৰি সদৌ অসম মটৰ পৰিবহন সন্থাৰ সম্পাদক প্ৰধান প্ৰদীপ দাসে কয় যে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য যোৱা ২১ মাৰ্চত জনোৱা পাছৰে পৰা স্থবিৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহন বিভাগ ৷

ইয়াৰ বাবে প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে পৰিবহন আইন অনুসৰি আদায় দিবলগীয়া পথ কৰ ৰেহাই দিয়াৰ দাবীৰে ৰাজ্য চৰকাৰক বাৰম্বাৰ আহ্বান জনোৱা হৈছে । পশ্চিমবংগ আৰু গুজৰাট চৰকাৰে ইতিমধ্যে পথ কৰ ৰেহাই দিছে যদিও আজি পৰ্যন্ত অসম চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । অথচ তলাবন্ধৰ বাবে সকলো ধৰণৰ বাছ চলাচল প্ৰায় বন্ধ থকাৰ পাছতো বিগত ছমাহ ধৰি বাছৰ চালক পৰিচালক সকাহ দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ।

কিন্তু এই ক্ষেত্ৰত যদি ৰাজ্য চৰকাৰে সমূহীয়া পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে ৰাজ্যৰ থলুৱা লোকৰ দ্বাৰা নিয়ন্ত্ৰিত এই খণ্ডটো জীয়াই ৰখাটো কঠিন হৈ পৰিব । এই সম্পৰ্কত তেওঁ কয় যে গুৱাহাটী মহানগৰীত বৰ্তমানে সাতশখন চিটীবাছ চলাচল কৰে বিভিন্ন পথত । অতিমাৰী কৰ’নাৰ ভয়াৱহতাৰ মাজত যোৱা মে’ত ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ অনুমতি সাপেক্ষে ৫০ শতাংশ যাত্ৰীৰে মহানগৰীত ১২০ খন চিটী বাছ চলাচল কৰোৱা হয় ৷

কিন্তু প্ৰতিদিনে ব্যয়ৰ তুলনাত ৫০ শতাংশ যাত্ৰী কঢ়িওৱাৰ পাছত আয়ৰ হাৰ তেনেই নগণ্য । অথচ প্ৰতিদিনে বৃদ্ধি পাইছে ডিজেলৰ দাম ৷ এনেবোৰ দিশ চালি জাৰি চায়েই মহানগৰীত বন্ধ হৈ পৰে চিটী বাছৰ চলাচল । কেৱল মহানগৰীৰ ক্ষেত্ৰতেই নহয় । আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰতো সৃষ্টি হৈছে অনুৰূপ সমস্যা ৷ ৫০ শতাংশ যাত্ৰী লৈ সপ্তাহত মাত্ৰ দুটা দিনত আন্তঃজিলা ক্ষেত্ৰত বাছ চলাচলৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে ।  কিন্তু ইখন জিলাৰ পৰা সিখন জিলালৈ ৫০ শতাংশ যাত্ৰীৰ পৰা আদায় কৰা ভাড়াৰে পৰিবহন খণ্ডটো জীয়াই ৰখাটো মুঠেই সম্ভৱ নহয় ।

ইপিনে গুৱাহাটী মহানগৰীত ১৪০ খন চিটী বাছ অধিগ্ৰহণ কৰে অসম ৰাজ্যিক পৰিবহন নিগমে। অধিগৃহীত প্ৰতিখন বাছৰ বিপৰীতে মহানগৰীত দৈনিক ২১০০ টকাকৈ আদায় দিয়াৰ বাবে পৰিবহন নিগমে বন্দোবস্তি কৰে কিন্তু দীঘলীয়া তলাবন্ধই সৰ্বস্তৰৰ লোকক বিপৰ্যস্ত কৰাৰ পাছতো পৰিবহণ অধিগ্ৰহণ কৰা বাছৰ বিপৰীতে আদায় দিবলগীয়া ভাড়া আদায় দিয়া নাই ।ফলত চালক পৰিচালকসকলৰ অৱস্থা সম্প্ৰতি পানীত হাঁহ নচৰা হৈছে ৷ বহু সংখ্যক বাছৰ চালক পৰিচালকে জীয়াই থকাৰ জীৱিকা সলনি কৰিবলৈ বাধ্য হৈছে ৷

এই সমস্যা কেৱল মহানগৰীতেই নহয় ৷ৰাজ্যৰ অন্যান্য জিলাত অনুৰূপ ধৰণে অনাদায় হৈ আছে পৰিবহন নিগমে অধিগ্ৰহণ কৰা বাছৰ ভাড়া ৷ কামৰূপ মহানগৰ জিলাক বাদ দি ৰাজ্যৰ আন জিলাত অধিগ্ৰহণ কৰা প্ৰতিখন বাছক দৈনিক ২৮ শ টকাকৈ আদায়ৰ বন্দোৱস্তি হোৱাৰ কথাও তেওঁ উল্লেখ কৰে । থলুৱা লোকৰ দ্বাৰা নিয়ন্ত্ৰিত এই খণ্ডটোক পুনৰোজ্জীৱিতকৰণৰ স্বাৰ্থত যদি ৰাজ্য চৰকাৰে সামান্য পৰিমাণেও সকাহ নিদিয়ে ৷ তেন্তে আত্মনিৰ্ভৰশীল ভাৰত কিম্বা আত্মনিৰ্ভৰশীল অসম কেৱল শ্ল’গানতে সীমাবদ্ধ থাকিব বুলি দাসে কয় ৷ সন্থাৰ ন্যায্য দাবীসমূহ যদি ৰাজ্য চৰকাৰে পূৰণ নকৰে তেন্তে এই খণ্ডতো পুনৰোদ্ধাৰ কৰা অসম্ভৱ বুলিও তেও উল্লেখ কৰে ।

Exit mobile version