বিগত প্ৰায় পাঁচ মাহ ধৰি স্তব্ধ ভাৰত-ভূটানৰ মাজত যাতায়াত

IMG 20200802 124743 02

হতাশাত ভুগিছে ভৈৰৱকুণ্ডৰ থলুৱা ব্যৱসায়ীসকল

সম্প্ৰতি কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বজুৰি ব্যাহত হৈ আছে স্বাভাৱিক জীৱন যাত্ৰা। ভাৰতবৰ্ষতো ক্ৰমাৎ দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা। ফলত বিগত মাৰ্চ মাহৰ পৰাই ভাৰত চৰকাৰে ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত তলাবন্ধৰ কাৰ্যসূচী ঘোষণা কৰাৰ পৰৱৰ্তী সময়ত সংক্ৰমণ ৰোধৰ স্বাৰ্থত বন্ধ ঘোষণা কৰিছিল আন্তঃৰাষ্ট্ৰীয় যাতায়াত ব্যৱস্থা । বন্ধ ঘোষণা কৰা হৈছে ভাৰতবৰ্ষৰ সৈতে বিভিন্ন দেশৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় দুৱাৰসমূহ ।

সেই অনুসৰি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ডত অৱস্থিত দুয়োখন দেশৰ মূখ্য গেটো বিগত সময়ৰ পৰাই বন্ধ হৈ আছে। দুয়োখন দেশৰ নিৰাপত্তাৰক্ষীয়ে অঞ্চলজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে । ভাৰত সীমান্তত এছ‌এছবি তথা সীমান্ত সুৰক্ষা বাহিনীয়ে নিৰাপত্তা ব্যৱস্থাত তীক্ষ্ণ নজৰ ৰখাৰ লগতে ভূটানৰ সেনায়ো অস্থায়ীভাৱে ওখ বেৰেক সাজি ২৪ ঘণ্টাই প্ৰতিজন লোকৰে গতিবিধি নিৰীক্ষণ কৰিছে। অৱশ্যে ভাৰতৰ পৰা ভূটানলৈ যাবলগীয়া অত্যাৱশ্যকীয় সামগ্ৰী তথা নিৰ্মাণ কাৰ্যৰ লগত জড়িত লোক তথা বাহন ভূটানলৈ প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে।

ইয়াৰোপৰি ভূটানত প্ৰৱেশ কৰা লোকসকলৰ শৰীৰৰ তাপমাত্ৰা জুখিহে ভূটানলৈ প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে ভূটান সেনাই। সমান্তৰালভাৱে দুয়োখন দেশৰ মাজত সকলো সাধাৰণ লোকৰ চলাচল বিগত পাঁচমাহ ধৰি বন্ধ হৈ আছে। ইফালে ভৈৰৱকুণ্ডৰ আন এক দিশে থকা অৰুণাচল প্ৰদেশৰ প্ৰৱেশ দ্বাৰতো কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলিছে। অসমৰ কোনো লোককে অৰুণাচলত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। বিশেষকৈ বিনা কাৰণত অনাধিকাৰ প্ৰৱেশ কৰা লোকসকলক বালেমু আৰক্ষী থানা এলেকাৰ পৰা নিৰাপত্তাৰক্ষীয়ে অৰুণাচলত প্ৰৱেশত বাধা আৰোপ কৰিছে।

ৰাজ্যখনৰ নিৰাপত্তাৰক্ষীয়ে অত্যাৱশ্যকীয় সামগ্ৰী তথা নিৰ্মাণ কাৰ্যত জড়িত বাহনসমূহ প্ৰৱেশ কৰিবলৈ দিছে যদিও প্ৰতিগৰাকী চালক তথা লোকক প্ৰাথমিক পৰীক্ষাৰ অন্ততহে প্ৰৱেশত অনুমতি প্ৰদান কৰিছে। উল্লেখ্য যে এনে প্ৰতিবন্ধকতাৰ বাবেই সমস্যাত পৰিছে অসমৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড অঞ্চলৰ সাধাৰণ ব্যৱসায়ীসকল। কিয়নো বছৰ বছৰ ধৰি ভূটান আৰু অৰুণাচল প্ৰদেশৰ পৰা অহা ক্ৰেতাসকলক লৈ ভৈৰৱকুণ্ড অঞ্চলত গঢ়ি উঠিছিল এখন সম্ভাৱনাৰ থলুৱা বজাৰ

। কিন্তু ক’ভিড-১৯ৰ প্ৰভাৱত দুয়োখন দেশ তথা ৰাজ্যৰ জনসাধাৰণ অসমত প্ৰৱেশত প্ৰতিবন্ধকতাৰ সৃষ্টি হোৱাত সম্প্ৰতি স্থানীয় ব্যৱসায়ীসকলৰ দ্বাৰা চলি থকা বজাৰখনলৈ একপ্ৰকাৰ অশনি সংকেত কঢ়িয়াই আহিছে। ইফালে বিগত বনভোজৰ সময়ছোৱাটো কা আন্দোলনৰ প্ৰভাৱত ভৈৰৱকুণ্ড বনভোজস্থলীত বনভোজপ্ৰেমীৰ সেৰেঙা উপস্থিতিয়ে থলুৱা ব্যৱসায়ীসকলৰ মাজত প্ৰভাৱ পেলোৱাৰ পাছত এইবাৰ মহামাৰী ক’ভিড-১৯ৰ সংহাৰী ৰূপে পুনৰবাৰ স্থানীয় ব্যৱসায়ীসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱা দেখা গৈছে।

বিশ্বজুৰি ক’ভিড-১৯ৰ সংহাৰ কেতিয়া অৱসান ঘটিব এই সম্পৰ্কে কোনো লোক অৱগত নহয় যদিও ভূটান ৰাষ্ট্ৰ তথা অৰুণাচল প্ৰদেশৰ ৰাউজৰ অংশগ্ৰহণেৰে জীপাল হোৱা ভৈৰৱকুণ্ড অঞ্চলটোলৈ অনাগত দিনত অধিক প্ৰভাৱ পৰাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

Exit mobile version