ভাৰতত অনতিপলমে আৰম্ভ হ’ব অক্সফৰ্ডৰ ক’ভিড-১৯ ভেকচিনৰ পৰীক্ষণ

coronavaccine1.v1

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ক’ভিড-১৯ ৰ ভেকচিন মানৱ দেহত দুটা পৰ্যায়ত পৰীক্ষণৰ কাৰণে চিৰম ইনষ্টিটিউটত অফ ইণ্ডিয়াই মঞ্জুৰী লাভ কৰিছে ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ এজন বিষয়াৰ মত অনুসৰি চিঅ’বিআইডি ১৯ৰ বিশেষ বিশেষজ্ঞ সমিতিৰ দ্বাৰা হোৱা পৰ্যালোচনাৰ পিছত দেওবাৰে এই অনুমতি প্ৰদান কৰে ।

ADVERTISEMENT

আনহাতে এই পৰীক্ষাত ১৬০০ জন লোকে ভাগ ল’ব ৷ লগতে পৰী্ক্ষণ কৰা লোকসকলৰ বয়স হ’ব লাগিব ১৮বছৰতকৈ অধিক । চিৰাম ইনষ্টিটিউটে উন্নত পৰীক্ষাৰ কাৰণে ১৭ টা স্থানক মনোনীত কৰিছে ৷

তাৰ ভিতৰত আছে দিল্লী এইমচ, পুণেৰ বি জে মেডিকেল কলেজ, পাটনাৰ ৰাজেন্দ্ৰ মেমোৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটত অফ মেডিকেল চাইন্স, চণ্ডীগড়ৰ প’ষ্ট গ্ৰেজুৱেটইনষ্টিটিউট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, জোধপুৰ এইমচ, গোৰখপুৰৰ নেহেৰু হাস্পতাল, অন্ধ্ৰপ্ৰদেশ কলেজ, বিশাখাপট্টনম আৰু মেচুৰৰ জে এছ এছ একাডেমি অফ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ ৷

বিশেষজ্ঞসকলৰ অধ্যয়ন অনুসৰি ভেকচিন পৰীক্ষণ মানৱ দেহত বিৰতি লৈ কৰা হ’ব । ইয়াৰ পিছত মানৱ দেহত ভেকচিনৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব ।

Exit mobile version