ঘোষণা কৰা হ’ল ২০১৯ বৰ্ষৰ ইউ পি এছ চিৰ পৰীক্ষাৰ ফলাফল

Screenshot 16

২০১৯ বৰ্ষৰ ইউ পি এছ চি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে ৷ এই পৰীক্ষাত প্ৰথম প্ৰদীপ সিং, দ্বিতীয় স্থানত আছে যতীন কিশোৰ আৰু তৃতীয় স্থানত আছে প্ৰতিভা বৰ্মা । আনহাতে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল জুন মাহত । উল্লেখযোগ্য যে,  UPSCৰ এই পৰীক্ষাত উজলিল ৫ অসম সন্তান ৷

ইয়াৰ ভিতৰত আছে ৫৯নং স্থানত অসমৰ আৰণ্যক শইকীয়া, ১১২ নং স্থানত যোৰহাটৰ সিজল আগৰৱালা, ৬৯৭নং স্থানত নিবেদিতা দত্ত, ৭৬৬নং স্থানত গুৱাহাটীৰ তপন ডেকা আৰু কোকৰাঝাৰৰ কিশোৰী সূত্ৰধৰ ৭৮৪সংখ্যক স্থানত ৷ আনহাতে ৫৯ সংখ্যক স্থান পোৱা আৰণ্যক শইকীয়া প্ৰাক্তন DGP কুল শইকীয়াৰ পুত্ৰ ৷ পূৰ্বেও চিভিল ছাৰ্ভিচেছৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰণ্যক ৷ বৰ্তমান আৰক্ষী সেৱাৰ বিষয়া হিচাপে কৰ্মৰত হৈ আছে আৰণ্যক ৷

 

Exit mobile version