ধাৰাপুৰত দুই যুৱ ব্যৱসায়ী কৰ’নাত আক্ৰান্ত

1 image Coronavirus MERS CoV

আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰৰ চাৰিআলিৰ দুজনকৈ যুৱ ব্যৱসায়ী কোভিড-১৯ ত আক্ৰান্ত হৈছে । আক্ৰান্ত ব্যৱসায়ীদ্বয় ক্ৰমে কামাখ্যা প্ৰসাদ  (৩০) আৰু কৃষ্ণ প্ৰসাদ ( ২৮ ) । উক্ত ব্যৱসায়ীদ্বয় সম্পৰ্কত দুই ভাই-ককাই তথা ধাৰাপুৰ চাৰিআলিৰ গীতা ষ্ট’ৰৰ স্বত্বাধিকাৰী। উল্লেখ্য যে মহানগৰীত মাৰাত্মক ক’ভিড১৯ ৰ ভয়াৱহ সামাজিক সংক্ৰমণৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে মহানগৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আৰু কৰ্মচাৰীসকলৰ স্বাৱ পৰীক্ষা কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

সেই মৰ্মে আজি স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষই ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা পৰীক্ষা কেন্দ্ৰটোত ধাৰাপুৰ চাৰিআলিৰ মুঠ ৪০ জন ব্যৱসায়ীৰ স্বাৱ পৰীক্ষা কৰা হয়। উক্ত পৰীক্ষাৰ ফলাফল মতে কামাখ্যা প্ৰসাদ আৰু কৃষ্ণ প্ৰসাদৰ দেহত কোভিড১৯ ৰ উপস্থিতি ধৰা পৰে৷ উক্ত ব্যৱসায়ীদ্বয়ৰ ফলাফল পজিটিভ অহাত স্বাস্থ্য বিভাগে দুয়োকো মিৰ্জাৰ পতঞ্জলি যোগপীঠ ক’ভিড চেন্টাৰত ভৰ্তি কৰায় ।

আনহাতে ধাৰাপুৰ চাৰিআলিৰ গীতা ষ্ট’ৰ খন সাময়িক ভাৱে বন্ধ কৰি দিয়া হয়। লগতে ব্যৱসায়ীদ্বয়ৰ বাসগৃহটো কন্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰে। অতি শীঘ্ৰে ব্যৱসায়ীদ্বয়ৰ পৰিয়ালৰ সদস্য সকলৰো স্বাৱ সংগ্ৰহ কৰিব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইপিনে ধাৰাপুৰ চাৰিআলিৰ ব্যৱসায়ীদ্বয়ৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে অঞ্চলজুৰি সংক্ৰমণৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে।

Exit mobile version