ধুবুৰীত ডিজিটেল পদ্ধতিত উদযাপন হ’ব আগন্তুক স্বাধীনতা দিৱস

india flag 01

আগন্তুক স্বাধীনতা দিৱস উদযাপন কৰাৰ উপলক্ষে আজি ধুবুৰী জিলাৰ উপায়ুক্তৰ সভা কক্ষত, দিনৰ 12 বজাত, জিলা উপায়ুক্তৰ সভাপতিত্বত জিলা খনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত এক সভা অনুষ্ঠিত হয়।উক্ত সভাত, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মন, জিলা উন্নয়ন বিষয়া, বিভিন্ন ৰাজনৈতিক দলৰ মুৰব্বী সকল, সমাজ সেৱক সকলৰ লগতে, বিভিন্ন বেচৰকাৰী সংগঠনৰ মুৰব্বীসকল উপস্থিত থাকি দিহা পৰামৰ্শ আগবঢ়ায় ।

সমগ্ৰ দেশৰ লগতে ৰাজ্যখনত মহামাৰী কৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলা উপায়ুক্তই চলিত বৰ্ষত ধুবুৰীত ডিজিটেল পদ্ধতিত আগন্তক স্বাধীনতা দিৱস উদযাপন কৰিব বুলি সদৰি কৰাৰ লগতে জিলাবাসী ৰাইজে ধুবুৰী কেৱেল নেটৱৰ্কৰ জড়িয়তে উপভোগ কৰিৱ পাৰিব বুলি জানিবলৈ দিয়ে । লগতে এই মহামাৰীৰ সময়ত সকলোকে ঘৰতে থাকি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহবান জনায় ।

Exit mobile version