ভিন্ন গ্ৰহৰ প্ৰাণীয়ে নিৰ্মাণ কৰিছিল পিৰামিড

Screenshot 15

মিছৰৰ পিৰামিডক কেন্দ্ৰ কৰি আজিও ৰহস্যৰ অন্ত নাই । আধুনিক যন্ত্ৰ-পাতি অবিহনে মৰুভূমিৰ মাজত কিদৰে বিশাল আন্তঃগাঁথনি নিৰ্মাণ কৰাটো সম্ভৱ হৈছিল তাকে লৈ জল্পনা-কল্পনা অব্যাহত আছে । বহুতেই দাবী কৰে এই কাৰ্য মানুহৰ দ্বাৰা সম্ভৱ নহয় । ভিন্ন গ্ৰহৰ প্ৰাণীয়েহে নিৰ্মাণ কৰিছিল এই পিৰামিড ।

প্ৰখ্যাত ৰকেট তৈয়াৰ কৰা কোম্পানী ‘স্পেচ এক্স’ৰ মুৰব্বী মাস্কে লিখিছে, ‘ভিন্ন গ্ৰহী সকলেই পিৰামিড নিৰ্মাণ কৰিছে । প্ৰায় তিনি হেজাৰ আঠশ বছৰে মানুহে নিৰ্মাণ কৰাতকৈ উচ্চতম নিৰ্মাণ আছিল পিৰামিড সমূহ ।’ মাস্কৰ টুইটত পাঁচ লক্ষৰো অধিক ‘লাইক’ পৰিছে । ‘ৰিটুইট’ হৈছে ৮৮হেজাৰৰো অধিক ।

ইপিনে, মাস্কৰ মন্তব্যত খৰ্গহস্ত হৈ পৰিছে মিছৰ । দেশখনৰ আন্তৰ্জাতিক সহযোগিতা দপ্তৰৰ মন্ত্ৰী ৰানিয়া আল মাছাটে টুইটত কয়, ‘মই আপোনাৰ গুণগ্ৰাহী । আপোনাৰ কামবোৰ অতি প্ৰশংসাৰ দৃষ্টিৰে চাই আহিছো । সেয়ে আপোনাক আৰু ‘স্পেচ-এক্স’ক আমন্ত্ৰণ জনাইছো । আপোনালোকে মিছৰলৈ আহি পিৰামিড কিদৰে নিৰ্মাণ হৈছিল চাই যাওক ।’

এই বিষয়ত মিছৰৰ পুৰাতত্ববিদ জাহি হাৱাছে কয়, ‘মহাকাশৰ স’তে পিৰামিডৰ কোনো যোগসূত্ৰ নাই । প্ৰায় চাৰি হেজাৰ বছৰৰ পূৰ্বে ফাৰাওসকলৰ এই কবৰসমূহ মিছৰীয়সকলেই নিৰ্মাণ কৰিছিল ।’

Exit mobile version