সদাব্যস্ত ৰাজধানী মহানগৰীৰ পদপথৰ কাষত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান এলাগী হৈ পৰি যোৱা ছবিয়ে তুলি ধৰিছে সাম্প্ৰতিক সময়ৰ বিধ্বস্ত অৰ্থনীতিৰ প্ৰকৃত স্বৰূপ ৷ ক’ভিড-১৯ বীজাণু্ৱে কঢ়িয়াই অনা চৰম দুৰ্দশা আৰু দুৰ্যোগে বিধ্বস্ত কৰি তোলা অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ হেজাৰ হেজাৰ লোকে হাহাকাৰ কৰিবলগীয়া হৈছে । কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বলবৎ কৰা তলাবন্ধত সকলো স্তৰত উপাৰ্জনৰ পথ বন্ধ হৈ পৰাৰ ফলত গঢ় লৈ উঠা অৰ্থ সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ পথ বিচাৰি পোৱা নাই সাধাৰণ জনতাই ।
কৰ’না সৃষ্ট দীঘলীয়া তলাবন্ধৰ সময়ত ৰাজ্যৰ শ্ৰমজীৱী লোকসকল যি এক অভূতপূৰ্ব অৰ্থ সংকটৰ সন্মুখীন হৈছে তাক নকৈ কোৱাৰ প্ৰয়োজন নাই। দীঘলীয়া তলাবন্ধৰ অন্তত স্বাভাৱিক জীৱন ঘূৰাই আনিবলৈ কেতবোৰ শিথিলতা আৰোপ কৰা হৈছে যদিও অধিকাংশৰেই নাই উপাৰ্জনৰ পথ ৷ বিশেষকৈ পাণ দোকান, ফাষ্ট ফুড, শীতল পানীয় নাইবা পদপথত চাহ তামোলৰ দোকান দি পৰিয়াল পোহপাল দিয়া হেজাৰ হেজাৰ শ্ৰমজীৱীৰ অৱস্থা অতি শোচনীয় ।
দীঘলীয়া তলাবন্ধৰ সময়ছোৱাত উপায়হীন হৈ মূলধনেৰে পৰিয়াল পোহপাল দিব লগা হোৱাত সম্প্ৰতি পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ অধিকাংশৰে হাতত নাই কোনো মূলধন ৷ চৰকাৰে ঋণ প্ৰদানৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিছে যদিও আধাৰ কাৰ্ড নথকাত এই ঋণ লাভৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে ৷ কিয়নো ৰাজত এতিয়াও আধাৰ কাৰ্ড ব্যৱস্থা সম্পূৰ্ণ হৈ নুঠাত বিপাঙত পৰিছে এই ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷ যাৰ ফলত আৰ্থিক সমস্যাৰে ভাৰাক্ৰান্ত হৈ দিকবিদিক হেৰুৱাই মূলধন বিচাৰি ওলাই অহা অঞ্জু ভানুহঁতৰ জীৱিকা উপাৰ্জনৰ ৰথ পদপথতে এলাগী হৈ পৰে ।
গুৱাহাটী মহানগৰীত ক্ৰমাৎ স্বাভাবিক জীৱন যাত্ৰা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে একাংশই পুনৰ আৰম্ভ কৰিছে ব্যৱসায় । কিন্তু পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ নাই কোনো মূলধন ৷ ইয়াৰ উপৰি বহুজনৰ জীৱিকা পথ সলনি হৈছে । বিশেষকৈ মহানগৰীৰ পদপথত ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে পৰিয়াল পোহপাল দি অহা বহু পৰিয়াল এতিয়া দিকভ্ৰান্ত ৷
উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত মহানগৰীত পদপথৰ ব্যৱসায়ীৰ লগত জৰিত কম সংখ্যকহে কোনোমতে ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হৈছে ৷ বহুতে জুৰুলা হৈ গাঁৱলৈ উভতি গৈছে ৷ ব্যৱসায়ী সন্থাৰ সম্পাদক চন্দন গোস্বামীয়ে কয় “১৫ শতাংশ দোকানহে কোনোমতে খুলিবলৈ সক্ষম হৈছে ৷ ৩০-৩৫ শতাংশ ব্যৱসায়ী আৰ্থিক দৈন্যৰ বাবে নিজগৃহলৈ ৰাওনা হোৱাৰ উপৰি প্ৰায় ৫০ শতাংশ ব্যৱসায়ী এতিয়া হতাশগ্ৰস্ত ৷ কাৰণ তেওঁলোকৰ মূলধন নাই। সাঁচতীয়া টকাৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠান সহায়ৰ জৰিয়তে কোনোমতে পাঁচ মাহ কটালে ৷ লাহেকৈ ব্যৱসায় আৰম্ভ হৈছে ৷
আনহাতে এদিন উপাৰ্জন বন্ধ হ’লেই পৰিয়াল চলাবলৈ সমস্যা হোৱা এই দিন হাজিৰা,ক্ষুদ্ৰ ব্যৱসায় কৰা লোকসকলক দীঘলীয়া তলাবন্ধই জীৱন নিৰ্বাহৰ প্ৰণালী অতি শোচনীয় কৰি তুলিল । যাৰ ফলত এওঁলোকৰ জীৱন যাত্ৰা পুনৰ স্বাভাবিক অৱস্থালৈ ঘূৰি অহাৰ প্ৰয়োজন হ’ব।