লাডাখ সীমান্তত ভাৰতে মজুত কৰিছে ৰছদ, শীতবৰ্ম, ইন্ধন

Army PTI12

ভাৰত আৰু চীনৰ মাজত লাডাখৰ গালৱান উপত্যকাত শেহতীয়া ৰক্তাক্ত সংঘৰ্ষৰ পাছত আৰম্ভ হোৱা প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ পৰা সেনা প্ৰত্যাহাৰ অৰ্থাৎ দিছএনগেজমেণ্টৰ আলোচনা অব্যাহত থকাৰ মাজতে ভাৰতীয় সেনাই লাডাখত কুচ-কাৱাজ অব্যাহত ৰাখিছে । এই আলোচনাৰ অগ্ৰগতিৰ মাজতে লাডাখত নিযুক্তি সেনাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু সা-সঁজুলি মজুত কৰিছে । সম্প্রতি ভাৰত-চীনৰ মাজত কালি পঞ্চমলানি আলোচনা অনুষ্ঠিত হয় । চীনক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ ভাৰতে লাডাখত প্ৰতিৰক্ষামূলক অৱস্থানত বৃহৎ সংখ্যক সেনা নিয়োগ কৰিছে ।

ADVERTISEMENT

এই পর্যন্ত লাডাখ অঞ্চলত ভাৰতীয় বাহিনীৰ এয়া সৰ্ববৃহৎ সমাৱেশ বুলি কোৱা হৈছে। সকলো সেনাকে ভয়াবহ শীতৰ সৈতে যুঁজিব পৰাকৈ বৰ্ম দিয়া হৈছে । অহা নৱেম্বৰৰ ভিতৰত চাৰিটা বিদেশী প্ৰতিষ্ঠানে এইসমূহ সামগ্ৰী যোগান ধৰিব ধৰিব বুলি আশা কৰা হৈছে। এই মুহূৰ্তত সেনাই ৰছদ, কেৰাচিন আৰু ইন্ধন আদি মজুত কৰি আছে আৰু ই সন্তোষজনক ভাৱে আগবাঢ়িছে ।

Exit mobile version