শতবৰ্ষ গৰকা বিজনীৰ সমাজ সেৱী আব্দুল ওহাৱৰ দেহাৱসান

8d165b56 b236 4ba9 84b9 22429848625b

চিৰাং জিলাৰ বিজনীৰ শতবৰ্ষ গৰকা সমাজ সেৱক আব্দুল ওহাৱৰ আজি দেহাৱসান ঘটে । বিজনীৰ জন সমাজ সেৱক হিন্দু-মুছলমান সকলোৰে সৈতে মিলাপ্ৰীতিৰে থকাৰ লগতে সকলো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল । বিহু, পূজা-পাৰ্বন, বিজনীৰ ৰজা দিনীয়া লক্ষী পূজা, ইচলাম ধৰ্মীয় বিভিন্ন অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত আছিল প্ৰয়াত সমাজ সেৱক আব্দুল ওহাৱ ।

বৃহত্তৰ বিজনী অঞ্চলৰ বিদ্যালয়, মহাবিদ্যালয় তথা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে প্ৰত্যক্ষভাবে জড়িত আছিল । অসমৰ খিলঞ্জীয়া গৰীয়া এই জন সমাজ সেৱক অগ্ৰদূত কাকতৰ জন্ম লগ্নৰ পৰাই এজন নিয়মিত গ্ৰাহক আছিল । সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউ নিয়ন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ককাদেউতা(নানা) এই জন সমাজ সেৱকে এশ বছৰ অতিক্ৰম কৰি কিছুদিনৰ পৰা বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ আছিল ।

আজি বিয়লি ৪ বজাত নিজৰ ঘৰতে শেষ নিশ্বাস ত্যাগ কৰে । তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বিজনী অঞ্চলৰ বিভিন্ন জাতী জনগোষ্টীৰ লোকে শেষ শ্ৰদ্ধ জনোৱাৰ বাবে প্ৰয়াত সমাজ কৰ্মী আব্দুল ওহাৱৰ  বাসগৃহত উপস্থিত হয় ৷

উল্লেখযোগ্য যে  আব্দুল ওহাৱৰ দেহাৱসানত বিজনী জিলা আমছুৰ সভাপতি আব্দুল কালাম আজাদ আৰু চিৰাং জিলা আমছুৰ সভাপতি গুলজাৰ হুচেইন পৰামানিকে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনায়।

Exit mobile version