‘সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ লগত মই আৰু মোৰ পৰিয়াল জড়িত নহয় ‘ টুইট যুগে এই কথা স্পষ্ট কৰিলে কেবিনেট মন্ত্ৰী আদিত্য থাকৰে

jpg

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক কেন্দ্ৰ কৰি নতুন নতুন তথ্য আৰক্ষীৰ হাতলৈ আহিছে ।প্ৰতি মুহূৰ্ততে সলনি হৈছে ঘটনাৰ দৃশ্যপট।বহু হাইপ্ৰফাইল লোক এই ঘটনাৰ লগত জড়িত থকাৰ তথ্য প্ৰকাশ পাইছে ।ইয়াৰ ভিতৰতে নাম সাঙোৰ খাইছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পুত্ৰ আদিত্য থাকৰে ।

‘সুশান্তৰ মৃত্যুৰ লগত থাকৰে পৰিয়ালৰ কোনো ধৰণৰ সম্পৰ্ক নাই ।মানুহে আমাৰ পৰিয়াললৈ মিছা অভিযোগৰ আঙুলি টুৱাইছে ।জানি -বুজিয়ে এইদৰে মিছা অপবাদ জাপি দিছে’ টুইট যুগে এইদৰে মন্তব্য কৰে আদিত্য থাকৰে ।লগতে কয় ,’ বলিউড মুম্বাইৰ এটা মহত্বপূৰ্ণ অংশ ।বহুত লোকৰে জীৱন ইয়াৰ ওপৰত নিৰ্ভৰ কৰে ।হয় ,এই ইণ্ডাস্ট্ৰিৰ বহু লোকৰে লগত মোৰ সম্পৰ্ক আছে ।কিন্ত সেয়া কোনো অপৰাধ নহয় ।সুশান্তৰ মৃত্যুঘটনা বহুত দুখজনক ।মুম্বাই আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি আছে আৰু এই ক্ষেত্ৰত মহাৰাষ্ট্ৰ আৰক্ষীৰ সমগ্ৰ দেশতে নাম আছে ।’

ইপিনে সুশান্তৰ আত্মহত্যাৰ এমাহ পাৰ হ’ল যদিও দোষীক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে ।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত অব্যাহত ৰাখিছে ।সুশান্তৰ পিতৃয়ে পাটনা আৰক্ষীক ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে লিখিত ভাৱে অভিযোগ দাখিল কৰিছে ।এই ঘটনাৰ তদন্তত বিহাৰ আৰক্ষীৰ উচ্চপদস্ত বিষয়া মুম্বাইলৈ ৰাওনা হৈছিল যদিও মুম্বাই আৰক্ষীয়ে কোনো ধৰণৰ সহযোগিতা আগনবঢ়ালে।

Exit mobile version