নানাৱতীৰ প্ৰচাৰ কৰাৰ অভিযোগ অস্বীকাৰ কৰি অমিতাভে ক’লে, ‘মই হাস্পতালৰ বিজ্ঞাপনত অংশ নলওঁ’

Amitabh1571382442752

বলিউডৰ মহাতাৰকা অমিতাভ বচ্চনে ক’ভিড-১৯ ত সংক্ৰমিত হোৱাৰ পাছত সুদীৰ্ঘ২৩ দিন ধৰি মুম্বাইৰ নানাৱতী হস্পিতালত অতিবাহিত কৰিছিল। দেওবাৰে অভিনেতাজনে সুস্থ হৈ উঠি চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতিও লাভ কৰিছিল। চিকিৎসালয়ত থকাৰ সময়ত অমিতাভে নানাৱতী হস্পিতালৰ বিভিন্ন গুণানুকীৰ্তন ছ’চিয়েল মিডিয়াত কৰিছিল । এই কাৰণতে অভিনেতা জনৰ এজন অনুৰাগীয়ে অমিতাভক নানাৱতী হস্পিতালৰ হৈ প্ৰচাৰ চলোৱা বুলি অভিযোগ কৰে ।

ADVERTISEMENT

অনুৰাগীৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি অমিতাভে কয় যে তেওঁ কেতিয়াও কোনো চিকিৎসালয়ৰ হৈ প্ৰচাৰ চলোৱা নাই আৰু এনে বিজ্ঞাপনত অংশ লোৱা নাই । নানাৱতী হস্পিতালত লাভ কৰা চিকিৎসা আৰু আতিথ্যত মুগ্ধ হৈহে চিকিৎসক আৰু চিকিৎসালয়ক প্ৰশংসা তথা ধন্যবাদ জ্ঞাপন কৰিছিল বুলি অমিতাভে স্পষ্টকৈ কয়।

Exit mobile version