আহমেদাবাদৰ চিকিৎসালয়ত অগ্নিকাণ্ড

77384899

কৰ’নাৰ সংহাৰীৰ মাজতে দেশত সংঘটিত ঘটনা সমূহে জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ দুদিন পূৰ্বে লেবাননৰ বেইৰুটত হোৱা বিষ্ফোৰণৰ চৰ্চা শেষ নৌহওঁতেই এইবাৰ আহমেদাবাদৰ নৱৰংগপুৰা অঞ্চলৰ ক’ভিড হস্পিতালত সংঘটিত হোৱা অংগ্নিকাণ্ডত ৮ জন ক’ভিভ ৰোগীৰ মৃত্যু হয় । ইয়াৰ পাঁচজন পুৰুষ আৰু তিনি গৰাকী মহিলা ৷

হস্পিতালখনৰ চতুৰ্থ মহলাত হোৱা এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’বলৈ পালে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই সন্দৰ্ভত আৰক্ষীয়ে হস্পিতালৰ ট্ৰাষ্ট ভাৰত মহন্ত আৰু এজন কৰ্মচাৰীক আটক কৰিছে ৷

ইফালে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পিছত হস্পিতালখনৰ ৪১ জন ৰোগীক চৰদাৰ বল্লভ ভাই পেটেল চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে ৷ অগ্নিকাণ্ডটোত মৃত্য হোৱা লোকসকলৰ অধিকাংশৰ মৃত্যু উশাহত কাৰ্বন মন’ক্সাইড যোৱাৰ কাৰণে হোৱা বুলি প্ৰকাশ পাইছে ৷ অৱশ্যে এতিয়াও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিবলৈ বাকী আছে ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি “চৰ্ট চাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডটো প্ৰথমতে আই চি ইউৰ পৰা সূত্ৰপাত হয় । ইয়াৰ পাছত বিভিন্ন ৱাৰ্ডলৈ বিয়পি পৰে ৷ ইয়াত ক’ভিড ৰোগীৰ প্ৰায় ৫০ খন বিচনা আছিল ৷” আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে অগ্নিকাণ্ডটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ২ লাখকৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰাৰ লগতে অগ্নিকাণ্ডটোত আঘাতপ্ৰাপ্ত লোকসকলক ৫০ হাজাৰকৈ প্ৰদান কৰিছে ৷

আনহাতে আহমেদাবাদৰ মুখ্যমন্ত্ৰী ৰূপানীয়ে এই ঘটনা তদন্ত কৰিবৰ কাৰণে নিৰ্দেশ দিছে । ইপিনে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী স্থানান্তৰিত কৰা ৰোগীসকলৰ পৰা আৰু অধিক লোক মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে ৷ চিকিৎসাধীন হৈ থকা ৰোগীৰ আত্মীয়ৰ মতে চিকিৎসালয় কৰ্তৃপক্ষই অগ্নি সংযোগৰ সন্দৰ্ভত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক পলমকৈ খবৰ দিছিল  ৷

Exit mobile version