কৰ’নাৰ ভয়াবহতাৰ মাজতে দিনৰ পোহৰত বাৰ খোলাৰ অনুমতি

download 1

কৰ’নাৰ ভয়াবহতাৰ মাজতে এইবাৰ দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা বাৰসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আবকাৰী আয়ুক্তই প্ৰেৰণ কৰা এক পত্ৰৰ আধাৰতে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে আজি এক্সাইচ ২১৬/২০১০/২৫৮ নম্বৰযোগে এই সম্পৰ্কত জাৰি কৰে নিৰ্দেশনা। অৱশ্যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত থকা বাৰসমূহ পুৱা ১০ বজাৰ পৰা বিয়লি পাঁচ বজালৈকেহে খোলা ৰখাৰ অনুমতি প্ৰদান কৰিছে আবকাৰী বিভাগে।

ADVERTISEMENT

লগতে উক্ত সময়ছোৱাত বাৰসমূহত উপস্থিত থকা সংশ্লিষ্ট সকলোপক্ষই বাধ্যতামূলক ভাৱে বাধ্যতামূলকভাৱে পালন কৰিব লাগিব ক’ভিড সম্পৰ্কত স্বাস্থ্যবিভাগে জাৰি কৰা নিৰ্দেশনা। আবকাৰী বিভাগে এই নিৰ্দেশনা জাৰি কৰাৰ পাছতে কামৰূপ মহানগৰ জিলাত থকা বাৰসমূহ খোলাৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আজি কে এক্স এল ২৭/২০১৪/৭৭৯(ক) নম্বৰযোগে এই সম্পৰ্কত আন এক নিৰ্দেশনা জাৰি কৰে।

এই নিৰ্দেশনা অনুসৰি মহানগৰীতো এতিয়াৰে পৰা দিনৰ পোহৰতে বাৰ খোলাৰ অনুমতি দিয়া বুলি সূত্ৰটোৱে জনায়। অৱশ্যে সমাগত স্বাধীনতা দিৱসৰ পাছত এই সম্পৰ্কীয় নিৰ্দেশনা সংশোধন ঘটোৱাৰ সম্ভাৱনা থকা বুলি সূত্ৰটোৱে জনায়।

Exit mobile version