সুশান্তৰ সন্দৰ্ভত চিবিআইয়ে নিজাববীয়াকৈ দাখিল কৰিব গোচৰ

pjimage 7 2

বুধবাৰে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগটোক চিবিআইয়ে তদন্ত কৰিবলৈ অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে ৷ সেয়েহে চিবিআইয়ে অনতিপলমে নিজাববীয়াকৈ এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিব ৷ চিবিআইৰ এটা বিশেষ দলে বিহাৰ চৰকাৰৰ পৰা সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত সকলো তথ্য ল’ব পাৰে ৷

আনহাতে পাটনা এছ পি বিনয় তিৱাৰীক ন্যায়ালয়ৰ আদেশৰ পিছতো কোৱাৰেন্টাইনত ৰখাৰ সন্দৰ্ভত বিহাৰ পুলিচ বিএমচিৰ বিৰুদ্ধে ন্যায়ালয়ত এজাহাৰ দাখিল কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷ ইফালে বিহাৰৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই পুনৰ বিএমচিক কটাক্ষ কৰি টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

আনহাতে আজি সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰিবলৈ পাটনাৰ পৰা মুম্বাইলৈ অহা পুলিচৰ এটা দল পুনৰ পাটনালৈ উভতি যায় । পাটনা পুলিচে মুম্বাইৰ পৰা লোৱা সমগ্ৰ তথ্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিব ৷ ইপিনে সুশান্ত সিং ৰাজপুতৰ পিতৃ কেকে সিঙে পাটনাৰ ৰাজীৱ নগৰ থানাত গোচৰ দাখিল কৰিছিল । ইয়াৰ পিছতে পাটনা পুলিচৰ চাৰিজন বিষয়া এই সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ মুম্বাইলৈ যাত্ৰা কৰিছিল ।

অৱশ্যে মুম্বাইলৈ যোৱা এছ পি বিনয় কুমাৰক বিএমচিয়ে এতিয়াও এৰি দিয়া নাই ৷ আনহাতে অধিবক্তা বিনীত দাণ্ডাই মংগলবাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰি সুশান্তৰ প্ৰাক্তন মেনেজাৰ দিশা চেলিয়নৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰিবলৈ আহ্বান কৰে । বিনীত দাণ্ডাই দাবী কৰে যে দুয়োটা কেছৰে ইটোৰ লগত সিটোৰ সম্বন্ধ আছে ৷

সংবাদমাধ্যমৰ প্ৰতিবেদন প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে চেলিয়নৰ কেচ ফাইল সম্প্ৰতি লুপ্ত হৈছে ৷ লগতে দিশাৰ কেছ ফাইলৰ সমগ্ৰ প্ৰতিবেদনক বিচাৰিবলৈ উচ্চতম ন্যায়ালক আবেদন কৰে ৷ যদি দিশাৰ মৃত্যুৰ তদন্ত ভালকৈ নহয় তেন্তে এই সমগ্ৰ বিষয়টো তদন্ত চিবিআইক দিবলৈ আহ্বান কৰে ।

ইয়াৰ মাজতে মংগলবাৰে দিশাৰ পিতৃয়ে মুম্বাইৰ পুলিচক এজাহাৰ দাখিল কৰি কয় যে তেওঁৰ কন্যাক বদনাম কৰিবলৈ একাংশই উঠিপৰি লাগিছে ৷ লগতে দিশাৰ পিতৃয়ে কয় যে তেওঁৰ জীয়ৰী কোনো পাৰ্টিত অংশ লোৱা নাছিল লগতে দিশাৰ লগত কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল ।

উল্লেখযোগ্য যে, দিশাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেওঁৰ মৃত্যু মূৰত আঘাত পোৱাৰ কাৰণে সংঘটিত হৈছে ৷ আনহাতে ৮ জুনত মুম্বাইৰ মালাডত ১৪ মহলাৰ পৰা পৰি মৃত্যু হয় দিশা চেলিয়নৰ ৷ ইয়াৰ পিছত ১৪ জুনত সুশান্ত সিং ৰাজপুতে মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰে ।

Exit mobile version